ৰাজ্যজুৰি উচ্ছেদ অভিযান চলি থকাৰ মাজতেই প্ৰদেশ কংগ্ৰেছৰ এটা কাৰ্যালয়ক লৈ সৃষ্টি হৈছে বিতৰ্ক। গুৱাহাটীৰ লাষ্টগেটত থকা মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সতো চলিব পাৰে বুলড'জাৰ। ক্ষমতাত থকাৰ সময়ত শক্তি বিভাগৰ ভূমিত কংগ্ৰেছে নিৰ্মাণ কৰিছিল মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্স।চৰকাৰী ভূমি বেদখল কৰা কংগ্ৰেছৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সতো উচ্ছেদ চলোৱাৰ পোষকতা বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ।
গৌৰৱ গগৈয়ে সভাপতিৰ দায়িত্ব লোৱাৰ পাছত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত তৎপৰতা বৃদ্ধি পাইছিল কংগ্ৰেছৰ নেতা-কৰ্মীৰ। এই মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সতে সভাপতিৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্তি সভাপতি গৰাকী গৌৰৱ গগৈয়ে। ২৬ ৰ বিধানসভা নিৰ্বাচনৰ বাবে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত 'ৱাৰ ৰুম' নিৰ্মাণৰ প্ৰস্তুতি চলাইছিল প্ৰদেশ কংগ্ৰেছে। তেনে এক সময়তে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত উচ্ছেদৰ দাবী উত্থাপিত হোৱাত বিবুদ্ধিত পৰিছে প্ৰদেশ কংগ্ৰেছ। বিজেপিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দাবীক লৈ কংগ্ৰেছৰ ভিতৰ চ'ৰাত লাগিছে হাহাকাৰ।
গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সটোতো মাল্টি স্তোৰ।বিল্ডিং বনোৱাৰ সিদ্ধান্ত লৈছিল প্ৰদেশ কংগ্ৰেছে।মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সটো নিৰ্মাণ কৰিবলৈ দখল কৰা ভূমিৰ নামত শক্তি বিভাগক কংগ্ৰেছে এটকাও দিয়া নাছিল বুলি অভিযোগ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ।