লখিমপুৰত উচ্ছেদৰ ভয়ত বিজেপিত যোগদান শ শ সংখ্যালঘুৰ!

 লখিমপুৰ বিধানসভা সমষ্টিৰ ন-কদম গাওঁ পঞ্চায়তৰ অন্তৰ্গত কুচিয়ামাৰী ৱাৰ্ডত উচ্ছেদৰ ভয়ত এতিয়া শ শ সংখ্যালঘু জনতাৰ ঢাপলি মেলিছে বিজেপিলৈ ৷৷ অলপতে, অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত, ভাৰতীয় জনতা পাৰ্টীৰ নীতি-আদৰ্শত অনুপ্ৰাণিত হৈ  দুই শতাধিক সংখ্যালঘু লোকে বিজেপি  দলত যোগদান কৰে।
লখিমপুৰত অনুষ্ঠিত  বিজেপিৰ যোগদান অনুষ্ঠানটোত উপস্থিত থাকে দলটোৰ লক্ষীমপুৰ মণ্ডল সভাপতি  প্ৰফুল্ল দত্ত,সাধাৰণ সম্পাদক  শিশুৰাম শইকীয়া, লক্ষীমপুৰ জিলা উপ-সভাপতি  বিনন্দ ধান, ন-কদম গাওঁ পঞ্চায়তৰ সভানেত্ৰী  হেমাৱতী পেগু, আঞ্চলিক পঞ্চায়তৰ সদস্যা মনি প্ৰভা গগৈ, কদম আঞ্চলিক পঞ্চায়তৰ সদস্য  দীপাংকৰ গগৈ। লগতে উপস্থিত থাকে ৱাৰ্ড সদস্য, বুথ সভাপতি/সম্পাদক দলীয় কৰ্মী আৰু বহু সংখ্যক শুভাকাঙ্ক্ষী ৰাইজ।
শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনাঞ্চলসমূহত চলিছে উচ্ছেদ অভিযান। ৰাজ্য জুৰি চলা উচ্ছেদ অভিযানৰ মাজতে শংকিত সংখ্যালঘূ ৰাইজে  ভাৰতীয় জনতা পাৰ্টীৰ নীতি-আদৰ্শৰে আগবাঢ়ি যোৱাৰ ইচ্ছাৰে  বিজেপি  দলত যোগদান কৰিলে  দুই শতাধিক সংখ্যালঘু লোকে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *