কাৰাগাৰত থাকিলে অপসাৰিত হ'ব প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী : নতুন আইন আনিব কেন্দ্ৰীয় চৰকাৰে

একেৰাহে ৩০ দিন কাৰাগাৰত বন্দী হৈ থাকিলে হেৰুৱাব লাগিব নিজৰ গাদী। লোকসভাত কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিলে নতুন বিধেয়ক । সদনত কেন্দ্ৰীয় গৃহমন্ত্ৰী‌ অমিত শ্বাহে উত্থাপন কৰিলে ১৩০ সংখ্যক সংবিধান সংশোধনী বিধেয়ক।  এই বিধেয়কখন আইনত‌ পৰিণত হ'লে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী অথবা অন্যান্য মন্ত্ৰী ৩০ দিন কাৰাগাৰত থাকিলে হেৰুৱাব লাগিব নিজৰ গাদী।  
বিধেয়ককেইখনত কোৱা হৈছে যে অভিযুক্ত প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মন্ত্ৰীসকলক গ্ৰেপ্তাৰ কৰি একেৰাহে ৩০ দিন জিম্মাত ৰাখিব পাৰিব। আৰু অভিযোগ প্ৰমাণ হ’লে কাৰাবাসৰ দৰে শাস্তিও ভোগ কৰিব লাগিব। পাঁচ বছৰ বা তাতোতকৈ অধিক কাৰাদণ্ডৰ শাস্তিযোগ্য অপৰাধ সংঘটিত কৰিলে তেওঁলোকক ৩১ দিনৰ ভিতৰত পদৰ পৰা অপসাৰণ কৰিব পাৰিব। অৱশ্যে বিধেয়ককেইখনত কোৱা হৈছে যে পৰৱৰ্তী সময়ত জিম্মাৰ পৰা মুক্তি পোৱাৰ পিছত তেওঁলোকক পুনৰ নিযুক্তি দিবও পাৰিব।
আনহাতে, এই বিধেয়ক খনৰ বিৰোধিতা কৰিছে বিৰোধী দল সমূহে । এই বিধেয়কখনৰ জৰিয়তে বিৰোধীৰ কণ্ঠৰোধ কৰাৰ চেষ্টা চলোৱা হৈছে বুলি অভিযোগ বিৰোধীৰ। কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, CPI(M) আদি দল‌ সমূহে একত্ৰিতভাৱে বিৰোধিতা কৰিছে এই বিধেয়কখনৰ। মোদী চৰকাৰৰ এই  বিধেয়ক তিনিখন আইনত পৰিণত কৰি বিৰোধী শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলক লক্ষ্য কৰি ল’ব নেকি বুলি প্ৰশ্ল উত্থাপন হৈছে । 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *