উজনিৰ DC-SPৰ বিৰুদ্ধে সৰৱ মুছলিম ছাত্ৰ সন্থা । উজনিৰ DC-SPৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ সংগঠনটোৰ।
উজনিৰ DC-SPয়ে চিতু বৰুৱাৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে মুছলিম ছাত্ৰ সন্থাই।
চিতু বৰুৱাই মিঞা খেদা অভিযানৰ নামত অত্যাচাৰ চলোৱাৰ অভিযোগ মুছলিম ছাত্ৰ সন্থাৰ ।
মুছলিম ছাত্ৰ সন্থাৰ অভিযোগ যে,
"মুছলমানক টাৰ্গেট কৰি চৰকাৰী ভূমিত উচ্ছেদ চলোৱা হৈছে"
"কাম কৰিবলৈ যোৱা লোকক মিঞা বুলি অত্যাচাৰ চলোৱা হৈছে"
"RSSক সন্তুষ্ট কৰিবলৈ মুখ্যমন্ত্ৰীয়ে উচ্ছেদ অভিযান চলাইছে"
"মছজিদত উচ্ছেদ চলে কিন্তু শ্মশানত নচলে"
"আমি দিছপুৰৰ পৰা দিল্লীলৈকে আন্দোলন চলাম"
"দেশত মুছলমানৰ যথেষ্ট অৱদান আছে"
"উজনিৰ DC-SPয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে"
"উজনিৰ DC-SPৰ বিৰুদ্ধে আইনী যুঁজ চলাম"
এনে কিছু দাবীৰে সৰৱ হৈ পৰা দেখা গৈছে মুছলিম ছাত্ৰ সন্থাক।