৪০ শতাংশলৈ বৃদ্ধি পাব মদ,চিগাৰেট, বিলাসী গাড়ীৰ জিএছটি

বৃদ্ধি পাব মদ,চিগাৰেট, বিলাসী গাড়ীৰ জিএছটি । ১৮ শতাংশৰ পৰা  ৪০ শতাংশলৈ বৃদ্ধিৰ প্ৰস্তাৱ। বৃহস্পতিবাৰে বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰামণে ছয়জনীয়া মন্ত্ৰীসভাৰ বৈঠত গ্ৰহণ কৰিছে প্ৰস্তাৱ। বিপৰীতে জিএছটি প্রত্যাহাৰ কৰা হ'ব জীৱন বীমা আৰু স্বাস্থ্যবীমাৰ!   জিএছটি সংস্কাৰৰ এই প্ৰস্তাৱ জিএছটি কাউন্সিললৈ যাব। অহা ছেপ্টেম্বৰত জিএছটি কাউন্সিলৰ বৈঠক সিদ্ধান্ত লোৱাৰ সম্ভাৱনা।  
১৫ আগষ্টত লালকিল্লাৰ পৰা স্বাধীনতা দিবসৰ ভাষণত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জিএছটি সংস্কাৰৰ কথা উল্লেখ কৰিছিল। দিপাৱলী আগতে নতুন জিএছটি ব্যৱস্থা আৰম্ভ হ'ব বুলি জনাইছিল প্ৰধানমন্ত্ৰী মোদীয়ে।বৃহস্পতিবাৰৰ বৈঠকত কেন্দ্রই জিএছটি ৰেট দুটা নাটাত কমাবলৈ প্ৰস্তাৱ আগবঢ়াইছে। বৰ্তমান ৫, ১২, ১৮ আৰু ২৮ শতাংশৰ হাৰত জিএছটি চলিত আছে। কেন্দ্ৰই গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি এতিয়াৰ পৰা জিএছটি হ'ব মাথোন ৫ আৰু ১৮ শতাংশ। কিছুমান সামগ্ৰীত জিএছটি শূন্য কৰাৰ সম্ভাৱনা আছে। তাৰে কিছুমান সামগ্ৰীৰ ওপৰত বিশেষ ৪০ শতাংশ কৰ বৃদ্ধি কৰা হ'ব। ক্ষতিকাৰক আৰু অতিবিলাসী সামগ্ৰীৰ  ক্ষেত্ৰত বৃদ্ধি কৰা হ'ব কৰ। তালিকাত থাকিব মদ, চিগাৰেট, বিলাসী গাড়ী, ফাষ্ট ফুড, কফি ইত্যাদি। সাধাৰণ মানুহক নিৰুৎসাহিত কৰিবলৈ ক্ষতিকাৰক সামগ্ৰীৰ ওপৰত বিশেষ কৰ বৃদ্ধি কৰা হ'ব বুলি জনিবলৈ দিছে। 
বৃহস্পতিবাৰৰ বৈঠকত ছয় মন্ত্ৰী মণ্ডলত আছিল  বিহাৰৰ উপমুখ্যমন্ত্রী সম্ৰাট চৌধৰী, পশ্চিমবঙ্গৰ মন্ত্রী চন্দ্রিমা ভট্টাচাৰ্য, উত্তৰ প্ৰদেশ, ৰাজস্থান, কৰ্ণাটক আৰু কেৰালাৰ প্ৰতিনিধি। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *