পাকিস্তানৰ সৈতে ভাৰতীয় দলে ক্ৰিকেট মেচ খেলাত আপত্তি নাই মোদী চৰকাৰৰ

শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ সৈতে ভাৰতীয় দলে ক্ৰিকেট মেচ খেলাত আপত্তি নাই মোদী চৰকাৰৰ। এছিয়া কাপত ভাৰতীয় দলে পাকিস্তানৰ বিৰুদ্ধে মেচ খেলা নেখেলাক লৈ দেশজুৰি সৃষ্টি হৈছিল বিতৰ্ক। বৃহস্পতিবাৰে সেই বিতৰ্কত ফুলষ্টপ লগাই ভাৰতীয় দলক পাকিস্তানৰ সৈতে মেচ খেলিবলৈ অনুমতি দিলে ক্ৰীড়া মন্ত্ৰালয়ে। মান্টিনেচনেল টুৰ্ণামেন্টৰ ক্ষেত্ৰত ভাৰতীয় দদলে পাকিস্তানৰ সৈতে খেলাত বাধা নাই বুলি স্পষ্ট কৰি দিলে ক্ৰীড়া মন্ত্ৰালয়ে। কেন্দ্ৰীয় যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ এই সিদ্ধান্তক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে দেশৰ ৰাজনৈতিক মহলত। পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ যুদ্ধংদেহী পৰিস্থিতি অব্যাহত থকাৰ মাজতেই  এছিয়া কাপৰ ক্ৰিকেট মেচক লৈ সৃষ্টি হৈছে বিতৰ্ক। চলিত বৰ্ষৰ ৯ ছেপ্টেম্বৰৰ পৰা ডুবাইত অনুষ্ঠিত হ'ব T-20 এছিয়া কাপ। এই টুৰ্ণামেন্টত পাকিস্তানৰ বিৰুদ্ধে তিনিখনকৈ খেলত মুখামুখি হোৱাৰ সম্ভাৱনা আছে ভাৰতীয় দল। ১৪ ছেপ্টেম্বৰত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত  অনুষ্ঠিত ভাৰত-পাকিস্তানৰ মাজত প্ৰথমখন মেচ। 
পাকিস্তানৰ সৈতে ভাৰতীয় দলক মেচ খেলিবলৈ দিয়াক লৈ বিৰোধীয়ে সমালোচনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। 'তেজ আৰু পানী একেলগে বৈ নাযায়' বুলি স্বাধীনতা দিৱসৰ কাৰ্যসূচীত দাবী কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।  শত্ৰু ৰাষ্ট্ৰ পাকিস্তানক ধমক দিয়া মোদী চৰকাৰে কেনেকৈ ভাৰতীয় দলক মেচ খেলাৰ অনুমতি দিলে বুলিও প্ৰশ্ন কৰিছে বিৰোধীয়ে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *