অনলাইন গেমিং নিষিদ্ধ কৰিবলৈ লোকসভাৰ পাছত ৰাজ্যসভাতো পাছ হ'ল বিল। ৰাষ্ট্ৰপতিৰ সম্মতি পালেই বলবৎ নতুন আইন। বুধবাৰে 'দ্য প্ৰোমোশন অ্যান্ড ৰেগুলেশন অফ অনলাইন গেমিং বিল, ২০২৫' শীৰ্ষক এই বিলখন লোকসভাত পাছ হৈছিল। বৃহস্পতিবাৰে সংসদৰ উচ্চ সদনত বিলখন উপস্থাপন কৰে কেন্দ্ৰীয় ইলেকট্ৰনিক্স আৰু তথ্যপ্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। কোনো বিতৰ্ক নোহোৱাকৈ ভোটৰ মাধ্যমেৰে দুই সদনতে বিলখন পাছ হৈছে। বিলখন ৰাজ্যসভাত পাছ হোৱাৰ সময়ত, বিৰোধী সাংসদসকলে বিহাৰৰ ভোটাৰ তালিকাত বিশেষ সংশোধন (এসআইআৰ) লৈ আলোচনাৰ বাবে শ্লোগান দিয়ে। সংসদৰ উভয় সদনত এই বিল পাছ হোৱাৰ পিছতেই মাথোন ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ কৰিলে আনুষ্ঠানিকভাৱে নতুন আইন বলবৎ হ'ব।
কেন্দ্ৰীয় চৰকাৰৰ পৰা জনোৱা হৈছে যে, বিলত ‘অনলাইন গেমিং’ক উৎসাহিত কৰা হৈছে। কিন্তু যি সমূহ গেম ধনৰ বিনিময়ত খেলা হয় বা টকাৰ বিনিময়ত হয়, সেই খেলসমূহ নিষিদ্ধ কৰাৰ কথা জনোৱা হৈছে। এনে অন লাইন গেমৰ বিজ্ঞাপন নিষিদ্ধ কৰাৰ লগতে বেংক আৰু অন্য অৰ্থনৈতিক সংস্থাসকলক আৰ্থিক লেনদেনৰ সৈতে যুক্ত অনলাইন খেলৰ বাবে অর্থ স্থানান্তৰ বা সহযোগিতাতো বিধি নিষেধৰ প্ৰস্তাৱ আছে নতুন বিলত। বিগত কেইবাবছৰ ধৰি ভাৰতত অনলাইন গেমিং শিল্পক এক উদীয়মান ক্ষেত্ৰ ৰূপে দেখা গৈছে। অনলাইন গেমত বাজী ধৰাৰ পিছত প্ৰতিমাহত ভাৰতত গড়তে ১০ হাজাৰ কোৰ্টি টকাৰ লেনদেন হয়। যাৰ বাবে বিগত কেইবাবছৰ ধৰি গেমিং ক্ষেত্ৰত পাবত গজাৰ দৰে গজিছে বহু সৰু-বৰ সংস্থা।
ব্ৰিটেইন, আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ দৰে দেশতো অনলাইন গেমিং বহুত জনপ্ৰিয়। কিন্তু ইয়াৰে ব্যাপক নিৰ্দেশনা আছে। কেওয়াইচি, বিজ্ঞাপন আৰু প্ৰচাৰৰ বিভিন্ন নিয়ম আছে। সেইবোৰ মানিলে বাণিজ্যৰ অনুমতি পোৱা যায়।
অনলাইন গেমিংৰ ওপৰত সর্বজনীন নিষেধাজ্ঞা জাৰি নকৰাকৈ বিকল্প ব্যৱস্থাসমূহৰ বিষয়ে চিন্তা কৰিব পৰা যায় বুলি একাংশ বিশেষজ্ঞ আৰু বণিকসকলৰ মত প্ৰকাশ কৰিছে। চৰকাৰী সূত্ৰৰ খবৰ মতে, অনলাইন গেমিং প্লেটফৰ্মত বৃহৎ পৰিমাণৰ টকাৰ লেনদেন বহু দিন ধৰি বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছে। বহু মানুহে এই সকলো গেম খেলি বৃহৎ লোকচানৰ সন্মূখীন হ’ব লগা হৈছে। আনকি, কিছু কিছু সময়ত ব্যৱহাৰকাৰীৰ টকা অজানিতে কটা হৈছে বুলি অভিযোগ উঠিছে। অনলাইন গেমিং প্লেটফৰ্মত অংশ লৈ দেশৰ অন্তত ৪৫ কোটি মানুহে টকা হেৰুৱাইছে।
শেহতীয়াকৈ দুই সদনতে গৃহীত হ'ল বিধেয়কখন আইনলৈ পৰিণত হ'লে অনলাইন গেমিং চলালে এক কোটি টকাৰ পৰ্যন্ত জৰিমনাৰ লগতে তিন বছৰলৈ কাৰাবাস খাটিব লাগিব।