আকৌ খোল খাব বন্ধ ফাইল... উচ্চতম ন্যায়ালয়ত NRCৰ পুনৰীক্ষণৰ আবেদন

বন্ধ ফাইল খুলিবলৈ পুনৰবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল NRC ৰ প্রাক্তন সমন্বয়ক হিতেশ দেৱশৰ্মা। NRCৰ পুনৰীক্ষণ বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন প্রাক্তন সমন্বয়ক হিতেশ দেৱশৰ্মাৰ। শুকুৰবাৰে NRC ৰ প্রাক্তন সমন্বয়ক হিতেশ দেৱশৰ্মাই দাখিল কৰা আবেদনৰ শুনানি সম্পন্ন হয় উচ্চতম ন্যায়ালয়ত। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অতুল চন্দুৰকাৰ আৰু পি নৰসিংহ যুটীয়া বিচাৰপীঠত সম্পন্ন হ'ল শুনানি। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পুনৰীক্ষণৰ আবেদনৰ শুনানি গ্ৰহণ কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। দীৰ্ঘদিন ধৰি NRC ৰ পুনৰীক্ষণৰ দাবী কৰিছিল আহিছিল  বিভিন্ন জাতীয় দল সংগঠনে। 
২০১৯ চনৰ ৩১ আগষ্টত প্ৰকাশ পাইছিল NRC ৰ চূড়ান্ত খচৰা তালিকা। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পুনৰীক্ষণৰ চূড়ান্ত খচৰা তালিকাৰ  পৰা বাদ পৰিছিল প্ৰায় ২০ লাখ লোকৰ নাম ।সীমান্তৱৰ্তী জিলাত ২০ শতাংশ আৰু অন্যান্য জিলাত ১০ শতাংশ NRC ৰ পুনৰীক্ষণ কৰিবলৈ কেন্দ্ৰৰ পৰা অনুমতি বিচাৰিছিল ৰাজ্য চৰকাৰে। বিগত ৯ জুনত এই কথা বিধানসভাত উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰাৰ পাছতেই নতুন মাত্ৰা লাভ কৰিছে NRC ৰ পুনৰীক্ষণৰ বিষয়টোয়ে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *