ভোট চুৰিৰ প্ৰসংগৰ মাজতেই ৰাহুল গান্ধীয়ে উত্থাপন কৰিলে আন এক বিস্ফোৰক তথ্য। গুজৰাটৰ নাম-নিচান নোহোৱা ১০ টাকৈ ৰাজনৈতিক দলে লাভ কৰিছিল ৪,৩০০ কোটি টকাৰ চান্দা। গুজৰাটৰ নাম-নিচান নোহোৱা ১০ টাকৈ ৰাজনৈতিক হাজাৰ কোটি টকাৰ চান্দা লাভ কৰাক লৈ গৰম হৈছে দেশৰ ৰাজনীতি। ২০১৯-২০ বিত্তীয় বৰ্ষৰ পৰা ২০২৩-২৪ বিত্তীয় বৰ্ষত গুজৰাটৰ ৫ টা ৰাজনৈতিক দলে লাভ কৰিছিল ৪,৩০০ কোটি টকা। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন সংবাদ পত্ৰই চলোৱা চৰজমিন তদন্তত পোহৰলৈ আহিছিল এই বিস্ফোৰক তথ্য। মাত্ৰ ৫ বছৰত নাম-নিচান নোহোৱা ১০ টাকৈ ৰাজনৈতিক দলে কাৰ পৰা ৪,৩০০ কোটি টকাৰ চান্দা লাভ কৰিছিল ?
গুজৰাটৰ এই নাম-নিচান নোহোৱা ১০ টাকৈ ৰাজনৈতিক দলে হাজাৰ কোটি টকাৰ চান্দা লাভ কৰাক লৈ সৰৱ হৈছে ৰাহুল গান্ধী। ১০ টাকৈ নাম-নিচান নোহোৱা ৰাজনৈতিক দলে চান্দা লাভ কৰা বিষয়টো নিৰ্বাচন আয়োগে তদন্ত কৰিবনে বুলি প্ৰশ্ন ৰাহুল গান্ধীৰ। ২০১৯,২০২২ আৰু ২০২৪ চনত গুজৰাটত অনুষ্ঠিত বিধানসভা আৰু লোক সভা নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল সন্দেহজনক ১০ টা ৰাজনৈতিক দলে। এই ১০ টা দলৰ ৪৩ গৰাকী প্ৰাৰ্থীয়ে তিনিটা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি লাভ কৰিছিল মুঠ ৫৪ হাজাৰ ভোট। অডিট ৰিপৰ্ট অনুসৰি,তিনিটা নিৰ্বাচনত ১০ টা ৰাজনৈতিক দলে খৰচ কৰিছিল ৩,৫০০ কোটি টকা। দেশৰ ২৩ খন ৰাজ্যৰ পৰা চান্দা লাভ কৰিছিল গুজৰাটৰ এই নাম-নিচান নোহোৱা ৰাজনৈতিক দলকেইটাই । কিন্তু নাম-নিচান নোহোৱা এই ৰাজনৈতিক দলসমূহলৈ হাজাৰ কোটি টকাৰ চান্দা আহিল কিয় ? বিষয়টোৰ সন্দৰ্ভত ৰহস্যৰ গোন্ধ পাইছে বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে।