চীনৰ তিয়ানজিনত আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে SCO শীৰ্ষ সম্মিলন। চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে সভাপতিত্ব কৰা SCO সন্মিলনৰ অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । দুদিনীয়াকৈ অনুষ্ঠিত SCO সন্মিলনৰ পূৰ্ৱে দুই নেতাৰ মাজত দ্বিপাক্ষিক আলোচনা। বৈঠকত আমেৰিকাই আৰোপ কৰা শুল্কৰ ওপৰত আলোচনা কৰাৰ সম্ভাৱনা। গালৱান সংঘৰ্ষৰ পাছত সাত বছৰমানৰ পাছত প্ৰথমবাৰৰ বাৰে চীন ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ। SCO শীৰ্ষ বৈঠকৰ সমান্তৰালভাৱে চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা কৰিছে। বিভিন্ন ৰাষ্ট্ৰনেতাৰ সৈতে কূটনৈতিক সাক্ষাৎকাৰ আৰম্ভ কৰিছে মোদীয়ে
বৈঠকত দুই ৰাষ্ট্ৰনেতাৰ মুখামুখি আলোচনাই বিশেষ গুৰুত্ব লাভ কৰিছে—দুয়ো দেশৰ সম্পৰ্ক। অৰ্থনৈতিক–বাণিজ্যিক সহযোগিতা আৰু সীমান্তত স্থিতিশীলতা স্থাপনৰ বিষয় লাভ কৰিব গুৰুত্ব। ভাৰত–চীনৰ বন্ধুত্ব আৰু সৌহাৰ্দপূৰ্ণ প্ৰতিবেশী সম্পৰ্ক বজাই ৰখাৰ সঠিক পথ নিৰ্ধাৰণৰ ওপৰত কৰা হয় আলোচনা। এই আলোচনাই দুয়োখন দেশৰ মাজত উত্তেজনা হ্ৰাস কৰাৰ লগতে বিশ্ব অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকাৰ সংকেট দিছে।
বিশেষকৈ শুল্ক–সংকট আৰু বাণিজ্যিক প্ৰতিদ্বন্দ্বিতাৰ মাজতে ভাৰত–চীন দ্বিপাক্ষিক সম্পৰ্কই নতুন দিশৰ সূচনা কৰিব বুলি চলিছে চৰ্চা।