চুতীয়া ছাত্ৰ সন্থাৰ অন্যতম বলিষ্ঠ কন্ঠ তপন চুতীয়া আৰু নাই...

চুতীয়া ছাত্ৰ সন্থাৰ অন্যতম বলিষ্ঠ কন্ঠ তপন চুতীয়াৰ দেহাৱসান। পুৱতি নিশা চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰিলে তপন চুতীয়াই। 
 সুদীৰ্ঘ ১০‌বছৰে চুতীয়া ছাত্ৰ সন্থাৰ নেতৃত্ব বহন কৰা তপন চুতীয়াই মঙলবাৰে পুৱতি নিশা  শিৱসাগৰ অসামৰিক চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৷ সদৌ অসম চুতীয়া ছাত্র সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক আৰু ৰূদ্ৰসাগৰস্থিত কাজিৰঙা আই টি আই কলেজৰ অধ্যক্ষক ,সংগ্ৰামী যুৱক তপন চুতীয়াই আজি পুৱতি নিশা ৩ বজাত   শেষ নিশ্বাস ত্যাগ কৰে। 
 চুতীয়াৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই শিৱসাগৰত শোকৰ ছাঁ পৰে। শিৱসাগৰ জিলাৰ বানমুখ চুতীয়া গাঁৱত জন্মগ্ৰহণ কৰা তপন চুতীয়াৰ নিজ গাঁৱতে শেষকৃত সম্পন্ন কৰা হয়।  


Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *