অগপৰ সাধাৰণ সম্পাদক সত্যব্ৰত কলিতাৰ পদত্যাগ।'বিজেপিৰ শ্ৰুতলিপিত কাম কৰি আছে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই'।'মানসিক কষ্ট লৈ থকাতকৈ অগপ ত্যাগ কৰিবলৈ ওলালো,কা আইনখন হোৱাৰ পিছত অসম চুক্তি খনৰ ভিত্তি বৰ্ষ বাতিল হৈ ১৯৫১ৰ পৰা ২০২৪ বৰ্ষ হ'ল'। 'অতুল বৰাই নিজৰ বিভাগটোৰ চুক্তিখন ৰক্ষণা বেক্ষণ দিব পৰা নাই'। 'তাৰ পিছত কি অধিকাৰ আছে অসমৰ ৰাইজক দলটো আঞ্চলিক দল বুলি কোৱাৰ?' অগপৰ দলীয় নেতৃত্বৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰি প্ৰাথমিক সদস্য পদো ত্যাগ কৰিলে কলিতাই।
অগপৰ দলীয় নেতৃত্বৰ বিৰুদ্ধে অসন্তুষ্ট হৈ প্ৰাথমিক সদস্য পদো ত্যাগ কৰিলে কলিতাই। ২০১৬চনত কমলপুৰ সমষ্টিৰ পৰা অগপৰ দলৰ বিধায়ক হৈছিল সত্যব্ৰত কলিতা। ২০২১চনত কলিতাক টিকট কৰ্তন কৰি মিত্ৰদল বিজেপিক সমষ্টিতো এৰি দিছিল অগপই। তেতিয়াৰ পৰাই অগপৰ নেতৃত্বৰ বিৰুদ্ধে সময়ে সময়ে অসন্তুষ্টি প্ৰকাশ কৰি আহিছিল কলিতাই।
২৬ত বিজেপিৰ দখলত থকা কমলপুৰ সমষ্টিত অগপৰ পৰা টিকট বিচাৰিছিল সত্যব্ৰত কলিতাই। বিজেপিৰ দখলত থকা সমষ্টিটোত অগপই পুনৰ ঘূৰাই লোৱা আশা নেদেখি দলত্যাগ কৰিলে প্ৰাক্তন বিধায়ক গৰাকীয়ে।
ইফালে দলত্যাগী অগপৰ জ্যেষ্ঠ নেতা গৰাকীয়ে কংগ্ৰেছ নে অজাপত যোগদান কৰিব এতিয়ালৈ নিশ্চিত হোৱা নাই।