মেক ইন ইণ্ডিয়াৰ অংশ হিচাপে ভাৰতে নিৰ্মাণ কৰিবলৈ সাজু হৈছে যুঁজাৰু বিমান ছুখই SU-57। ৰাছিয়াৰ সহযোগত SU-57 যুঁজাৰু বিমান নিৰ্মাণ কৰিব ভাৰতে। ভাৰতৰ অন্যতম বন্ধু ৰাষ্ট্ৰ ৰাছিয়াৰ সহযোগত ভৰতত নিৰ্মাণ হ'ব ছুখই SU-57 যুঁজাৰু বিমান।
শেহতীয়াকৈ ভাৰত আৰু ৰাছিয়াৰ মাজত এক সামৰিক চুক্তি হৈছিল। সেই চুক্তি অনুসৰি ৰাছিয়াই ভাৰতত সামৰিক ক্ষেত্ৰত বিনিয়োগৰ কৰিব। সেই পৰিকল্পনা অনুসৰিয়েই হিন্দুস্তান এৰ’নটিক্স লিমিটেড (এইচ এ এল)য়ে ছুখই SU-57 নিৰ্মাণৰ বাবে সাজু হৈছে।
উল্লেখ্য যে ৰাছিয়াৰ এই অত্যাধুনিক যুঁজাৰু বিমানে আমেৰিকাৰ এফ-৩৫ যুঁজাৰু বিমানক প্ৰত্যাহ্বান জনাই আহিছে। আমেৰিকাৰ পৰা ভাৰতে এফ-৩৫ যুঁজাৰু বিমান ক্ৰয় কৰাৰ কথা আছিল। কিন্তু শেহতীয়াকৈ শুল্ক যুঁজৰ বাবে ভাৰত-আমেৰিকাৰ সম্পৰ্কত ফাঁট মেলাৰ পাছত এতিয়া ভাৰতে আমেৰিকাৰ পৰা ক্ৰয় নকৰে এফ-৩৫ যুঁজাৰু বিমান। ৰাছিয়াৰ পৰা ছুখই SU-৫৭ যুঁজাৰু বিমান ক্ৰয়ৰ পৰিকল্পনা কৰাৰ লগতে ৰাছিয়াৰ সহযোগত মহাৰাষ্ট্ৰ নাছিকত যুঁজাৰু বিমান ছুখই SU-57 নিৰ্মাণ কৰাৰ বাবে সাজু হৈছে।