Zubeen Garg: খহি পৰিল এটা যুগক প্ৰতিনিধিত্ব কৰা জুবিন নামৰ ধ্ৰুৱ তৰাটো

জুবিন গাৰ্গ,এটা যুগক প্ৰতিনিধিত্ব কৰা এটা নাম, হঠাত খহি পৰিল জুবিন নামৰ ধ্ৰুৱ তৰাটো। সাগৰৰ তলিত শুৱলৈ মন কৰা শিল্পী গৰাকী সাগৰৰ তলিতেই শুই পৰিল। কোনেও কল্পনা কৰিব নোৱাৰা খবৰটো আহিল ছিংগাপুৰৰ পৰা। ছিংগাপুৰত সাগৰৰ তলিতেই শুই পৰিল চিৰ দিনৰ বাবে  অসমীয়াৰ হিয়াৰ আমঠু জুবিন। 
মাত্ৰ ৫২ বছৰ বয়সতে কেতিয়াও উভতি নহা পথেৰে অজান দেশলৈ গ’লগৈ মৰমৰ শিল্পী জুবিন গাৰ্গ।  যেন চৌদিশে বাজি উঠিল তেঁওৰ প্ৰিয় গীতটো.... মায়াবিনী 
জীয়াই থাকোতেই জুবিনে কৈ গৈছিল 'মই মৰিলে এই গানটোৱেই বাজিব কিন্তু' .... মায়াবিনী  
ছিংগাপুৰত সাগৰত সাঁতুৰিবলৈ গৈ অসুস্থ হৈ পৰিল জুবিন, ততক্ষণাত  চিকিত্শালয়ত ভৰ্তি কৰোৱা হল , সকলোৱে নেদেখাজনক প্ৰাৰ্থনা কৰিলে .. সুস্থ হৈ পৰক জুবিন, কিন্তু সাগৰৰ বুকুৰ পৰাই উভতি নহা বাটেৰে গলগৈ অজান দেশলৈ।
শোকস্তব্ধ হৈ পৰিছে অসম, শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ দেশউচুপি উঠিছে বলিউদ। 
ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল জুবিন।২১ ছেপ্তেম্বৰত উভতি অহা কথা আছিল জুবিন।  বৃহস্পতিবাৰে নৰ্থ ইষ্ট ফেষ্টিভেলত অনুষ্ঠান কৰি আজি সাগৰৰ তীৰলৈ গৈছিল জুবিন, সুস্থ শৰীৰে যোৱা জুবিনেও কেতিয়াও ভবা নাছিল এয়াই তেও শেষ সাগৰ যাত্ৰা। সাগৰত সাঁতুৰিবলৈ গৈ অসুস্থ হৈ পৰিছিল শিল্পীগৰাকী। 
ছিংগাপুৰলৈ যোৱাৰ পূৰ্ৱে জুবিন গাৰ্গে অসমবাসীলৈ মুকলি কৰি গ'ল ৩৮ হাজাৰ গীতৰ সংকলন। কোনেনো জানিছিল এইয়াই হ'ব জুবিনৰ অসমবাসীলৈ বুলি শেষৰটো বাৰ্তা। কোনে ভাবিছিল এই গীতৰ লাইব্ৰেৰীটোৱেই জুবিনৰ শেষৰটো উপহাৰ অসমবাসীলৈ।
আধৰুৱা হৈ ৰ’ল জুবিন গাৰ্গৰ এটা সপোন...৩১ অক্টোবৰত মুক্তি দিয়াৰ কথা আছিল জুবিন গাৰ্গৰ ছবি ‘ৰৈ ৰৈ বিনালে’, ১ ছেপ্টেম্বৰত জুবিনে ঘোষণা কৰিছিল  ছবিখনৰ মুক্তিৰ দিন। এই ছবিখনক লৈ বহু আশা আছিল জুবিনৰ। কিন্তু সেই আশা যেন আশা হৈয়ে ৰ’ল।
সেই অভিশপ্ত খবৰটো তুঁহ জুইৰদৰে বিয়পি পৰাৰ পিছতেই জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহৰ সন্মূখৰ মানুহৰ ভিৰ। জোনালীৰ জুবিনৰ ষ্টুডিঅ'ৰ সন্মূখটো ভিৰ কৰিলে অনুৰাগীয়ে। কেৱল গুৱাহাটীতেই নহয় সমগ্ৰ অসমে আজি কান্দি উঠিছে। শোকত ম্ৰিয়মান জুবিনৰ গুণমুগ্ধ।
 জুবিন গাৰ্গৰ নশ্বৰদেহ ছিংগাপুৰৰ পৰা  লৈ অনা হ'ব অসমলৈ। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে জনাইছে জুবিনৰ শেষ বিদায়ৰ প্ৰস্তুতিৰ কথা ।  খানাপাৰাত শেষ শ্ৰদ্ধাঞ্জলী জনাব প্ৰিয়  শিল্পীগৰাকীক। 
মৃত্যু চিৰন্তন সত্য। কিন্তু জুবিনৰ মৃত্যু মানি ল'বলৈ আজি যেন বাকৰুদ্ধ। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *