শেষ শয়নত সৰুসজাইত প্ৰিয় জুবিন । এনে সময়ত ভাইৰেল হৈছে পত্নী গৰিমা আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থৰ এখন ফটো। বহু পুৰণি এখন ফটোক লৈ চলিছে কিছু নেৰেটিভ। এইখিনিতে প্ৰশ্ন হয় এই সময়ছোৱাত এনে নেৰেটিভ কিমান যুক্তিগত। এনে নেৰেটিভ কোনো চক্ৰৰ উদ্দেশ্যপ্ৰনোদিত নেকি?
মানুহৰ ক্ষোভৰ ধাৰাটো আন দিশে ঢাল খোৱাব বিচৰা হৈছে নেকি? এনে বহু প্ৰশ্ন উত্থাপন হৈছে।
জুবিনৰ চিংগাপুৰত হোৱা অস্বাভাৱিক মৃত্যু কোনেও সহজে লব পৰা নাই। জুৱিনৰ মৃত্যুত নাম সাঙুৰ খাই পৰিছে - শ্যামকানু মহন্ত, মেনেজাৰ সিদাৰ্থ শৰ্মাৰ। এখেমুখে সকলোৱে কৈছে তদন্ত লাগে।
তাৰ মাজতে শেহতীয়াকৈ ভাইৰেল হৈছে সিদ্ধাৰ্থ আৰু গৰিমাৰ এই ফটোখন। বিভিন্ন নেটিজেনে এই ফটোখনকলৈ দিছে বহু মন্তব্য। কিন্তু এনে নেৰেটিভ এই সমছোৱাত কিমান সময়উপযোগী। এফালে তাৰকা স্বামীৰ শেষ বিদায় আনফালে এক গধূৰ দায়িত্ব , এনে সময়ত কাৰ স্বাৰ্থত এগৰকী মহিলাৰ চৰিত্ৰ হনন কৰিবলৈও কুন্ঠাবোধ কৰা নাই একাংশই।
এখন স্বাভাৱিক ফটো, সেই ফটোখনক লৈ সামাজিক মাধ্যমত আৰম্ভ হৈছে নেৰেটিভ। কিন্তু কিহৰ স্বাৰ্থত এই সময়ত আৰম্ভ হৈছে এই নেৰেটিভ। এনে নেৰেটিভৰ মাজতে অসমবাসীৰ ক্ষোভৰ ধাৰাটোৰ দিশ সলনি কৰিবলৈ চেষ্টা কৰিছে নেকি কোনোবাই।
এনে নেৰেটিভৰ মাজেৰে যাতে তদন্ত প্ৰক্ৰিয়াটো শিথিল হৈ নপৰে। কিয়নো চিংগাপুৰত হোৱা জুবিনৰ অস্বাভাৱিক মৃত্যুৰ বাবে নাম সাঙুৰ খোৱা প্ৰতিজন লোকৰ বিৰুদ্ধে হওক তদন্ত। যদি সঁচাকৈয়ে কাৰোবাৰ গাফিলটিৰ বাবেই মৃত্যুহ হল অসমীয়াৰ মৰমৰ প্ৰিয় শিল্পীগৰাকী তেন্তে সেয়া লাগিলে যিয়েই নহওক লাভ কৰক উচিত শাস্তি। সকলোৰে প্ৰশ্ন কিয় পানী জুই জুবিনৰ বাবে অপকাৰী বুলি জানিও , লৈ যোৱা হৈছিল সাগৰত পানী খেলিবলৈ। যদি জুবিন সকলো পৰিকল্পনা কৰিছিল কিয় বাধা দিয়া হোৱা নাছিল, সময়মতে জুবিনৰ ঔষধ দিয়া হৈছিল নে? নে এই সকলোবোৰ আওকান কৰি জুবিন এটা খেয়ালি মনৰ মানুহ বুলি কৈ কেৱল ধন ঘটাৰ যন্ত্ৰ হিচাপে চোঁচৰাই ফুৰা হৈছিল। এই সকলোবোৰ বিষয়ৰ তদন্ত বিচাৰে অসমীয়াই। সকলোৰে দাবী উঠিছে আকৌ এবাৰ কৰা হওক জুবিনদাৰ মৰোত্তৰ পৰীক্ষা।
মুঠতে জুবিনদাৰ মৃত্যু ক্ষেত্ৰত হওক পানী নসৰকা তদন্ত।