'জুবিন গাৰ্গ আছিল অসমৰ উজ্জ্বল ৰত্ন', ‘মন কী বাত’ত ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

জুবিন গাৰ্গ আছিল উজ্জ্বল ৰত্ন", প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'মন কি বাত'ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে জুবিন গাৰ্গক। আজি ১২৬ সংখ্যক ‘মন কী বাত’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্মৰণ কৰিলে অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। প্ৰধানমন্ত্ৰী মোদীয়ে অসমীয়া ভাষাতে ক’লে, "জুবিন গাৰ্গ আছিল অসমৰ সংস্কৃতিৰ উজ্জ্বল ৰত্ন। জনতাৰ হৃদয়ত তেওঁ সদায় জীয়াই থাকিব।"
আজি মন কি বাতত জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক স্মৰণ কৰে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেঁও কয় যে , "অসমে ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী উদযাপন থকাৰ সময়তেই,  জুবিন গাৰ্গ দেৱৰ আকস্মিক বিয়োগৰ দুখবৰটো আহিল , যিটো খবৰে অসমবাসীক শোকাকূল হৈ পৰিছে।
জুবিন গাৰ্গ এগৰাকী অতি জনপ্ৰিয় কণ্ঠশিল্পী আছিল। তেওঁ নিজৰ সৃষ্টিৰাজীৰ জৰিয়তে সমগ্ৰ দেশতেই এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছিল।"
 জুবিন গাৰ্গ আমাৰ স্মৃতিত সদায় জীয়াই থাকিব। জুবিন গাৰ্গৰ সংগীতে উত্তৰ প্ৰজন্মকো চিৰকাললৈ মন্ত্ৰমুগ্ধ কৰি ৰাখিব।"

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *