মহাষষ্ঠীৰ শুভদিনটোতেই অসমীয়ালৈ জুবিনে আগবঢ়াই দিছিল ‘অনামিকা’। দিনটো আছিল ১৯৯২ চনৰ ১ অক্টোবৰ। সেইসময়ৰ নৱাগত কণ্ঠশিল্পী জুবিন গাৰ্গৰ । ‘অনামিকা’ মুক্তি পোৱাৰ পাছতেই অসমজুৰি সৃষ্টি হৈছিল সংগীত জগতত ধুমুহা । অসমীয়া সংগীতলৈ নামি আহিছিল আধুনিকতাৰ ৰসন সনা নতিন সুবাস। দীঘলচুলিৰ ল'ৰাটোৱে নতুন যুগৰ সুচনা কৰিছিল সংগীত জগতত। ১৯৯২ চনৰ ষষ্ঠীৰ দিনটোতেই অসমীয়া মনবোৰক উজ্জীৱিত কৰিছিল এটা নতুন কণ্ঠই। মায়াসনা অথচ সুগভীৰ দৰদী কণ্ঠটোৱে খলকনি তুলিছিল শদিয়াৰ পৰা ধুবুৰিলে।
আজি জুবিনবিহীন দুৰ্গোৎসৱৰ ষষ্ঠীৰ দিনটোত অসমবাসীয়ে সুঁৱৰিছে সেই বিশেষ সময়।