আন এক দুঃখবৰ! জুবিন গাৰ্গৰ ‘যদি জীৱনৰ ৰংবোৰে লুকা-ভাকু খেলে’গীতৰ স্ৰষ্টা আৰু নাই

ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰলৈ আন এক দুঃসংবাদ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যবাসী ম্ৰিয়মাণ হৈ থকাৰ মাজতেই আহিল বেয়া খবৰটো। বহু জনপ্ৰিয় অসমীয়া ছবিৰ পৰিচালক তিম’থী দাস হাঞ্চেৰ দেহাৱসান। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিলে জনপ্ৰিয় পৰিচালক তিম’থী দাস হাঞ্চে। দেওবাৰে দিনৰ ১২ বাজি ১৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে পৰিচালকগৰাকীয়ে। ছবি পৰিচালনাৰ লগতে সংগীত পৰিচালক, চিত্ৰনাট্যকাৰ হিচাপে খ্যাতি আছিল তিম’থী দাস হাঞ্চেৰ।  উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ সঞ্চালক আছিল তিম’থী দাস হাঞ্চে।
 প্ৰতিগৰাকী অসমীয়াৰ হৃদয় চুই যোৱা ছবি ‘জীৱন বাটৰ লগৰী’, ‘পলে পলে উৰে মন’ৰ পৰিচালক আছিল টিমোথি দাস হাঞ্চেৰ। ‘জীৱন বাটৰ লগৰী’আৰু ‘পলে পলে উৰে মন’ৰ কাহিনী আছিল তিম’থী দাস হাঞ্চেৰ।
জুবিন গাৰ্গে কণ্ঠদান কৰা ‘জীৱন বাটৰ লগৰী’ ছবিখনৰ ‘যদি জীৱনৰ ৰংবোৰে লুকা-ভাকু খেলে...’ গীতটিৰ স্ৰষ্টা আছিল তিম’থী দাস হাঞ্চে। বিশিষ্ট পৰিচালকগৰাকীৰ মৃত্যুৰ শোকৰ ছাঁ পৰিছে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত।
২০০৯ চনত মুক্তি লাভ কৰিছিল তিম’থী দাস হাঞ্চেৰ পৰিচালিত ‘জীৱন বাটৰ লগৰী’ ছবিখন। ছবিখনত অভিনয় কৰিছিল বলিষ্ঠ নিপন গোস্বামী, ৰাগ ঐনিতম, কপিল বৰা, হিৰণ্য ডেকা, মলয়া গোস্বামীকে ধৰি বহুকেইগৰাকী অভিনেতা-অভিনেত্ৰীয়ে।
আনফালে ২০১১ চনত মুক্তি লাভ কৰিছিল তিম’থী দাস হাঞ্চেৰ পৰিচালিত ‘পলে পলে উৰে মন’ ছবিখন। ছবিখনত অভিনয় কৰিছিল নিপন গোস্বামী, মলয়া গোস্বামী, বৰষা ৰাণী বিষয়া, ৰবি শৰ্মা, ৰিম্পী দাস, গায়ত্ৰী মহন্ত, সৌৰভ হাজৰিকা, ৰাজা মুৰাদ, অৰুণ হাজৰিকাকে ধৰি বহুকেইগৰাকী অভিনেতা-অভিনেত্ৰীয়ে। তিম’থী দাস হাঞ্চেৰ পৰিচালিত ‘পলে পলে উৰে মন’ ছবিখনত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈও এভূমিকি মাৰিছিল।




Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *