আজি মহাষষ্ঠী দিনা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত উচৰ্গা কৰিলে যোৰহাট মাৰোৱাড়ী যুৱমঞ্চৰ প্ৰগতি শাখাৰ উদ্যোগত "মৰমৰ এসাঁজৰে" এক ব্যক্তিক্ৰমী ধৰণে এক শ্ৰদ্ধাঞ্জলি...
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল প্ৰস্থানৰ পিছত এই বৰ্ষৰ মহাষষ্ঠীত এক ভিন্ন ধৰণৰ বেদনা আৰু শূন্যতা সকলোৰে মাজত...
জুবিন গাৰ্গ কেৱল এজন গায়ক বা শিল্পী নহয় তেওঁ আছিল প্ৰতি অসমবাসীৰ হৃদয়ৰ স্পন্দন, যাৰ সুৰে জাতি-ধৰ্ম-ভাষা নিৰ্বিশেষে প্ৰতিজনক একে সুতোত গাঁথি ৰাখিছিল।
সেইজন্যেই আজিও তেওঁলোকৰ চকুত চকুলো টুকিছে আৰু তেওঁৰ গানেই মনেৰে মনেৰে সকলোকে একত্ৰিত কৰি ৰাখিছে।
আজি এই বিশেষ দিনটোত যোৰহাট মাৰৱাড়ী যুৱমঞ্চ প্ৰগতি শাখাই আয়োজন কৰিলে “মৰমৰ এসাঁজৰে” নামৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।
লায়ন্স ক্লাবৰ সহযোগত আয়োজিত এই বিশেষ অনুষ্ঠানত প্ৰায় ৩৫০ জনকৈ লোকৰ বাবে বিনামূলীয়া খাদ্য বিতৰণ কৰা হয়।
এখন বিশেষ বাহনত ঠাইতে খাদ্য প্ৰস্তুত কৰি বিতৰণ কৰা এই পদক্ষেপই অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোৰে মন স্পৰ্শ কৰে।উদ্যোগটোৰ মূল লক্ষ্য আছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিৰ মাজেৰে মৰম আৰু ভ্ৰাতৃত্ববোধৰ বার্তা জনতালৈ পঠিয়োৱা। কাৰণ জুবিন গাৰ্গ সদায় সাধারণ মানুহৰ লগত, তেওঁলোকৰ আনন্দ-বেদনা আৰু জীৱনৰ পথৰ সৈতে যুক্ত হৈ আছিল।
আজিৰ এই মহাষষ্ঠীত, যোৰহাট মাৰৱাড়ী যুৱমঞ্চৰ ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলিৰ যোগেদি অসমবাসীয়ে পুনৰ এবাৰ অনুভৱ কৰিলে, জুবিন গাৰ্গ শাৰীৰিকভাৱে অনুপস্থিত নহলেও তেওঁৰ সুৰ, সৃষ্টি আৰু মৰম সদায় জীৱন্ত হৈ থাকিব।
“মৰমৰ এসাঁজৰে” নামৰ এই আয়োজনই প্ৰমাণ কৰিলে, জুবিন গাৰ্গ কেৱল এজন শিল্পী নহয়, অসমবাসীৰ জীৱনৰ অন্তহীন অনুভৱ।