গায়ক নিলোৎপল বৰাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে গুৱাহাটী যুৱ সাংবাদিক সমাজে। নিলোৎপল বৰাই কেমেৰা ভাঙিম বুলি সাংবাদিকক দিছিল ভাবুকি । অভিযোগ অনুসৰি জুবিন গাৰ্গৰ নশ্বৰ দেহ বৰঝাৰ বিমান বন্দৰৰ পৰা আহি কাহিলাপাৰাৰ বাসগৃহত উপস্থিত হোৱাৰ সময়তে নিলোৎপল বৰাই কৰ্তব্যৰত সাংবাদিকৰ কেমেৰা ভাঙিম বুলি মুকলিকৈ ভাবুকি দিছিল।
এই ঘটনাক আজি কঠোৰ ভাষাৰে গৰিহণা দি জাৰ্নেলিষ্ট ইউনিয়ন অফ আছামে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে গুৱাহাটী যুৱ সাংবাদিক সমাজে। সাংবাদিক সংগঠনটোৱে গৃহ মন্ত্ৰী তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ডিজিপি হৰমীত সিঙক কৰ্তব্যৰত সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰিছে। লগতে জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাকো এই ঘটনাৰ তদন্ত নিশ্চিত কৰিবলৈ দাবী জনাইছে।
ইফালে আজি নিলোৎপল বৰাই সাংবাদিকৰ সৈতে মুখামুখি হৈ উক্ত ঘটন সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত বেপেৰুৱাভাৱে তেওঁৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰক বুলিহে মন্তব্য কৰে।
পাছত তেওঁ ফেচবুকত এই বিষয়ত লিখে যে দুই, তিনিজন সাংবাদিকে ডিজিপিৰ নিৰ্দেশ নুশুনাৰ বাবেহে তেওঁলোকৰ কেমেৰা ভাঙি দিম বুলি কবলৈ বাধ্য হৈছিল। তেঁও লিখিছে,
''এইটো জুবিনদা বিমানবন্দৰৰ পৰা নিজ গৃহ আহি পোৱাৰ দিনাৰ ভিডিঅ’ , আজিৰ নহয় । সেইদিনা DGP ছাৰে হাতযোৰ কৰি মেডিয়া খিনি এতিয়া ওলাই দিয়ক, এঘণ্টা সময় আপোনালোকক দিয়া হ’ল , এতিয়া ওলাই দিয়ক আৰু ৰাইজক চাবলৈ দিয়ক বুলি কোৱাৰ পিছতো দুই তিনিজন কেমেৰা পাৰ্চনে তেওঁৰ কথা নুশুনাৰ ভাও ধৰি আঁতৰি দিয়া নাছিল ।যাৰ ফলত পিছফালে থকা মহিলাসকলে ঠেলা-হেঁচাত উশাহ পোৱা নাই বুলি চিয়ৰিছিল , দুই তিনিজন কেমেৰা-পাৰ্চনে তথাপিওঁ ওলাই নিদিয়ে , বাকীখিনি ওলাই দিছিল ।সেই দুই তিনিজনক ভালকৈ আমি কৈ কৈ এটা সময়ত কেমেৰা ভাঙি দিম যদি ওলাই নিদিয় বুলি ক’বলৈ বাধ্য, ক’ব চাগে নালাগিছিল, কিন্তু খঙত ওলাই গ’ল । এতিয়া কথাটো হ’ল , দুই তিনিজন অভদ্ৰ কেমেৰামেনৰ অভদ্ৰ আচৰণক বাকী সাংবাদিকসকলে support দি এটা নতুন issue create কৰা উচিত নে জুবিনদাৰ ন্যায়ৰ বাবে আমি সকলোৱে একেলগ হৈ যুজ দিয়া উচিত ?''