জুবিন গাৰ্গৰ মৃ*ত্যুৰ তদন্ত বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ গৌৰৱ গগৈৰ

জুবিনৰ মৃত্যুৰ ঘটনাৰ জৰুৰী তদন্ত বিচাৰি গৌৰৱ গগৈয়ে পত্ৰ প্ৰেৰণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ। লোকসভাৰ বিৰোধী উপ-দলপতি তথা এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে জুবিন গাৰ্গৰ ছিংগাপুৰত হোৱা ৰহস্যজনক মৃত্যুৰ জৰুৰী আৰু স্বচ্ছ তদন্তৰ দাবী কৰি প্ৰেকণ কৰিলে পত্ৰ। পত্ৰত গৌৰৱ গগৈয়ে ঘটনাৰে প্ৰধান অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক চি আই ডিৰ সন্মুখত হাজিৰ হ’বলৈ দিয়া বৰ্ধিত সময়ক লৈয়ো প্ৰশ্ন উত্থাপন কৰে। তেওঁ অভিযোগ কৰে যে, অভিযুক্তৰ প্ৰতি এনে শিথিলতাই গুৰুত্বপূৰ্ণ প্ৰমাণ নষ্ট কৰিবলৈ সুযোগ লাভ কৰিব। তাৰোপৰি গগৈয়ে জুবিন ন্যায়ৰ দাবীৰে প্ৰতিবাদ কৰা লোকসকলৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি গ্ৰেপ্তাৰ কৰা কাৰ্যৰ বিষয়ে উল্লেখ কৰি উদ্বেগ প্ৰকাশ কৰে। 
ঘটনাৰ  প্ৰসংগত এচআইটি দলে চলাই থকা তদন্তৰ ওপৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ আহ্বান জনাই সাংসদগৰাকীয়ে । লগতে জুবিনৰ ন্যায়ৰ দাবীৰে মাত মাতি অহা নাগৰিক সমাজ, শান্তিপূৰ্ণ প্ৰতিবাদকাৰী আৰু পৰিয়ালৰ লোকক সুৰক্ষা প্ৰদানৰো দাবী উত্থাপন কৰে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *