হ*ত্যা কৰা হ'ল নেকি জুবিন গাৰ্গক? সংযোজন হ'ল BNSধাৰা ১০৩

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত জেৰা CID য়ে।  শ্যামকানু মহন্ত আৰু  আৰু  সিদ্ধাৰ্থ শৰ্মাক মাৰথান জেৰা কৰাৰ মাজতেই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত হত্যাৰ ধাৰা সংযোজন কৰা হৈছে। ১৮/২৫নং গোচৰটোত ভাৰতীয় ন্যায় সংহিতাৰ ১০৩ ধাৰা সংযোজন কৰা হৈছে। CIDয়ে গোচৰটোত নতুনকৈ সংযোজন কৰিলে ১০৩ ধাৰা। 
BNS ধাৰা  ১০৩ অনুসৰি কি হ’ব পাৰে দোষীৰ শাস্তি?
আদালতত দোষী প্ৰমাণিত হ’লে ভাৰতীয় ন্যায় সংহিতাৰ ১০৩ ধাৰা অনুসৰি দোষীৰ হ’ব পাৰে মৃ*ত্যুদণ্ড অথবা  যাবজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত হ'ব পাৰে। 
আনহাতে ছিংগাপুৰ আৰক্ষীয়ে ভাৰতক প্ৰদান কৰিলে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। ভাৰতীয় উচ্চায়ুক্তক আনুষ্ঠানিকভাৱে প্ৰদান কৰিলে মৃত্যুৰ প্ৰতিবেদন। ১৯ ছেপ্টেম্বৰত জুবিনৰ মৃত্যুৰ পাছত Autopsy কৰা হৈছিল ছিংগাপুৰত। 
উল্লেখযোগ্য যে, ছিংগাপুৰত Autospy কৰিলেও জিএমচিএইচতো কৰা হৈছিল জুবিনৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা। ভাৰতীয় উচ্চায়ুক্তই অসম চৰকাৰলৈ প্ৰেৰণ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে প্ৰস্তুত কৰা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *