সাংবাদিকৰ কেমেৰা ভাঙিম বুলি ভাবুকি প্ৰদান কৰি বিপদত পৰিছে গায়ক নিলোৎপল বৰা। দিশপুৰ থানাত জেৰা চলোৱা হৈছে গায়ক নিলোৎপল বৰাক।
জুবিন গাৰ্গৰ নশ্বৰ দেহ কাহিলীপাৰাত উপস্থিত হোৱাৰ সময়তে কেমেৰা ভাঙি দিয়াৰ ভাবুকি দিছিল নিলোৎপল বৰাই । নিলোৎপল বৰাই সাংবাদিকৰ বিৰুদ্ধে উচতনি মূলক মন্তব্য কৰি বিপদত এতিয়া গায়ক নিলোৎপল বৰা । তাৰ পাছতে দিশপুৰ থানাত এজাহাৰ দাখিল কৰিছিল গুৱাহাটীৰ যুৱ সাংবাদিক সমাজে।
উল্লেখ্য যে, উচতনি মূলক মন্তব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীও মন্তব্য কৰিছিল । বৃহস্পতিবাৰে দিছপৰ আৰক্ষীয়ে ৫ ঘন্টাজোৰা জেৰাৰ অন্তত যাবলৈ দিয়া হ'ল গায়ক নীলোৎপল বৰাক। কাইলৈ পুনৰ দিনৰ ১০ বজাত দিছপুৰ থানাত হাজিৰ হ'বলৈ নিৰ্দেশ গায়কগৰাকীক।