ৰাজহুৱা হ'ব নে জুবিন গাৰ্গৰ মৰোণত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ?

ৰাজহুৱা হ'ব নে জুবিন গাৰ্গৰ মৰোণত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ?
জুবিন গাৰ্গৰ মৰোণত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰা নকৰাৰ সিদ্ধান্ত গৰিমা গাৰ্গৰ ওপৰত এৰিলে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভ অনুষ্ঠানত মৰোণত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সলনি কৰিলে পূৰ্বৰ ভাষ্য।
উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে উক্ত প্ৰতিবেদনৰ সন্দৰ্ভত কৈছিল ৰাজহুৱা কৰা নহয় মৰোণত্তৰ পৰীক্ষাৰ প্ৰতিবেদন।
আজি ফেচবুক লাইভ অনুষ্ঠানত পূৰ্বৰ বক্তব্য সলনি কৰি উক্ত প্ৰতিবেদন ৰাজহুৱা কৰা নকৰাৰ সিদ্ধান্ত গৰিমা শইকীয়া গাৰ্গৰ ওপৰত ন্যস্ত কৰিলে মুখ্যমন্ত্ৰীয়ে।
লগতে মুখ্যমন্ত্ৰীয়ে কয় যে, বৃহস্পতিবাৰে গৰিমা গাৰ্গক হস্তান্তৰ কৰা হৈছে ছিংগাপুৰত হোৱা মৰোণত্তৰ পৰীক্ষাৰ প্ৰতিবেদন।
কাইলৈ অৰ্থাৎ শনিবাৰে GMCHত হোৱা মৰোণত্তৰ পৰীক্ষাৰ প্ৰতিবেদনো অৰ্পণ কৰা হ'ব গৰিমা গাৰ্গক। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *