অসমৰ বান নিয়ন্ত্ৰণৰ বাবে খন্দা হ'ব ১৫টা বৃহৎ আকাৰৰ পুখুৰী

অসমৰ বান নিয়ন্ত্ৰণৰ বাবে অভিনৱ পদক্ষেপ চৰকাৰৰ।  বৃহৎ  আকাৰৰ পুখুৰী বা জলাশয় নিৰ্মাণ কৰি ধৰি ৰখা হ'ব বাৰিষা ব্ৰহ্মপুত্ৰৰ পানী।
প্ৰথম পৰ্যায়ত নিৰ্মাণ কৰা হ'ব বিভিন্ন জিলাত সৰ্বমুঠ ১৫ টা জলাশয়। ৬৯২ কোটি টকাৰ ব্যয় সাপেক্ষ এই আঁচনিৰ বিষয়ে অৱগত কৰিলে জল সম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই। 
অৱশেষত পুখুৰী খান্দি অসমৰ বান নিয়ন্ত্ৰণৰ বাবে লোৱা পৰিকল্পনা অচিৰেই হ'ব বাস্তৱায়িত। জিলাই জিলাই খন্দা হ'ব বৃহৎ আকাৰৰ একাধিক পুখুৰী বা জলাশয়। অসম বান নিয়ন্ত্ৰণৰ বাবে এই আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ত খন্দা হ'ব ১৫টা বৃহৎ আকাৰৰ পুখুৰী । এই ১৫ টা পুখুৰী খন্দাৰ বাবে ব্যয় কৰে হ'ব ৬৯২ কোটি টকা। কেন্দ্ৰ চৰকাৰে ইতিমধ্যে অনুমোদন জনাইছে এই পুঁজি। চলিত মাহতেই আৰম্ভ হ'ব বৃহৎ আকাৰৰ পুখুৰী খন্দাৰ কাম ।
এই আঁচনিৰ অধীনত শোণিতপুৰ, শিৱসাগৰ, মাজুলী, ডিব্ৰুগড়, কামৰূপ, মৰিগাঁও, তিনিচুকীয়াত খন্দা হ'ব এটাকৈ বৃহৎ আকাৰৰ পুখুৰী। ইয়াৰ উপৰিও গোলাঘাট আৰু যোৰহাট জিলাত হ'ব ৪ টা বৃহৎ পুখুৰী। জল সম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই এক সংবাদমেল যোগে সদৰী কৰিছে এই তথ্য।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *