বিপদ বাঢ়িল জুবিন গাৰ্গৰ হত্যাৰ সৈতে নাম সাঙোৰ খোৱা অভিযুক্ত সকলৰ। ৰাইজৰ প্ৰৱল দাবীৰ সন্মুখত নতমস্তক হৈ অৱশেষত ন্যায়িক আয়োগ গঠনৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰা শইকীয়াৰ নেতৃত্বত গঠন কৰা হ'ব জুবিনৰ মৃত্যুৰ তদন্তৰ বাবে ন্যায়িক আয়োগ। কাইলৈ আনুষ্ঠানিক ভাৱে গঠন কৰা হ'ব সৌমিত্ৰা শইকীয়া নেতৃত্বাধীন ন্যায়িক আয়োগ। উক্ত ন্যায়িক আয়োগে তদাৰক কৰিব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত।
ফেচবুক লাইভত এই গুৰুত্ব ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।