জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতে, ইভেণ্ট মেনেজাৰ শ্যামকানু মহন্তে উচ্চতম ন্যায়ালয়ত এখন ৰিট আবেদন দাখিল কৰিছে। তেওঁৰ দাবী—এই গোচৰটোৰ তদন্ত যেন চিবিআই (CBI) বা এনআইএ (NIA)ৰ দৰে এক নিৰপেক্ষ কেন্দ্ৰীয় সংস্থালৈ হস্তান্তৰ কৰা হয়।
CID ৰ মাৰাথন জেৰাৰ সন্মূখীন শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা । উচ্চতম ন্যায়ালয়লৈ শ্যামকানু মহন্তৰ লেখ আবেদন। CBI অথবা ED লৈ হস্তান্তৰ কৰাৰ অনুৰোধ কৰি দাখিল কৰিছে লেখ আবেদন। প্ৰাণৰ শংকাৰ কথাও উল্লেখ কৰা হৈছে লেখ আবেদনত।সংবিধানৰ ৩২ নং অনুচ্ছেদৰ অধীনত দাখিল কৰা হৈছে লেখ আবেদন।আবেদনৰ মূল বিষয়বস্তু: মৌলিক অধিকাৰ আৰু ব্যক্তিগত স্বাধীনতা সুৰক্ষিত দাবীত ৰিট আবেদন দাখিল।
মহন্তৰ দাবী- সংবাদ মাধ্যমৰ পক্ষপাতমূলক উচ্চ পৰিকল্পিত অপপ্ৰচাৰৰ বলি হৈছে। ছ’চিয়েল মিডিয়াত তেওঁৰ প্ৰতি মৃত্যুৰ ভাবুকি অহা আৰম্ভ হৈছে। ৰাজ্য চৰকাৰৰ পক্ষপাতিত্বমূলকভাৱে ঘৰ ছীল, বেংক একাউণ্ট ফ্ৰীজ কৰিছে। আইনী অধিকাৰৰ উলংঘন কৰা হৈছে , কিয়নো, অল আছাম লয়াৰ্ছ এছ’চিয়েশ্যনে উকীলসকলক অভিযুক্তক প্ৰতিনিধিত্ব নকৰিবলৈ আহ্বান কৰিছিল। শ্যামকানু মহন্তই দাবী কৰিছে যে , অল আছাম লয়াৰ্ছ এছ’চিয়েশ্যনৰ এই আহ্বান মৌলিক অধিকাৰৰ ওপৰত আঘত। উচ্চতম ন্যায়ালয়ত দাখিল কৰা মুখ্য দাবীসমূহ হৈছে- CBI/NIA-লৈ তদন্ত স্থানান্তৰ ,কেৱল FIR-ৰ ভিত্তিত গ্ৰেপ্তাৰৰ ওপৰত বিৰতি ,সংবাদ মাধ্যমৰ পক্ষপাতমূলক প্ৰতিবেদনত নিয়ন্ত্ৰণ।
১৯ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে ছিংগাপুৰত য়টত ফুৰিবলৈ যাওঁতে জুবিন গাৰ্গৰ মৃত্যু হয়। মহন্তৰ মতে, তেওঁ অনুষ্ঠানৰ আয়োজক, কিন্তু ঘটনাৰ সময়ত উপস্থিত নাছিল। ছিংগাপুৰৰ তদন্তত কোনো সন্দেহজনক ক্ৰিয়া পোৱা নাছিল বুলি আবেদনত উল্লেখ।
BNS-ৰ অধীনত CID থানাত মহন্তৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰ, দণ্ডনীয় নৰহত্যা আৰু অসাৱধানতাৰ ফলত মৃত্যুৰ ধাৰাত FIR পঞ্জীয়ন। মহন্তৰ অভিযোগ—অসম আৰু উত্তৰ-পূবত তেওঁৰ বিৰুদ্ধে ৫৪ টাতকৈও অধিক FIR দাখিল।
এই ৰিট আবেদনৰ পিছত উচ্চতম ন্যায়ালয়ে কি সিদ্ধান্ত গ্ৰহণ কৰে, সেয়া হ’ব অসমৰ ৰাজনৈতিক আৰু সাংস্কৃতিক পৰিসৰৰ বাবে এক লক্ষ্যণীয় বিষয়।