শনিবাৰে অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে গৰিমা শইকীয়া গাৰ্গৰ হাতত জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰদানৰ বাবে কাহিলীপাৰাৰ বাসগৃহত উপস্থিত হৈছিল। SITএ প্ৰদান কৰা জিএমচিএইচৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন তদন্তকাৰী বিষয়াৰ হাততেই ওভতাই পঠিয়ালে গৰিমা শইকীয়া গাৰ্গে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ‘ব্যক্তিগত সম্পত্তি’ নহয় বুলিও মন্তব্য গৰিমা গাৰ্গৰ।এই সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গে কয়, ‘‘যিহেতু তদন্ত প্ৰক্ৰিয়া চলি আছে, গতিকে এই সময়ত কথাবোৰ ৰাজহুৱা হ’লে তদন্তত ব্যাঘাত জন্মিব পাৰে বুলি ভাবি মৰণোত্তৰ প্ৰতিবেদখন মই গ্ৰহণ নকৰিলোঁ।’’
তেওঁ কয়, ‘‘মই আইনৰ ওপৰত আস্থা ৰাখিছোঁ। মই আইনৰ কথা বিশেষ নাজানো। মৰণোত্তৰ প্ৰতিবেদন আদালত আৰু তদন্তকাৰী বিষয়াৰ সৈতেই থাকক। ৰাজহুৱা হ’ব লাগিলে তেওঁলোকৰ পৰাই হ’ব।’’
'মোৰ মানুহজনক মই হেৰুৱাইছো, মোক ন্যায় লাগে, জুবিন গাৰ্গৰ ক্ষেত্ৰত কেতিয়াও অন্যায় হ'ব নোৱাৰে' মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ঘূৰাই দিয়াৰ পিছতেই ক'লে পত্নী গৰিমা গাৰ্গে । 'মানুহজনে সকলোকে মৰমেই কৰিছিল, মোকো শিকালে অকল বিশ্বাস কৰিবলৈ, সকলোকে নিজৰ বুলি আমি আকোৱালি লৈছিলো, শেখৰে যদি বি*হ দিয়া বুলি জানিছিল ইমান দিনে কিয় মনে মনে থাকিলে ?'মই আইনী বিষয়বোৰ নাজানো গতিকে আইনে সকলো তদন্ত কৰক, আইনৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা আছে, জুবিন গাৰ্গ কেৱল মোৰ স্বামী নহয়, তেঁও ৰাইজৰ, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰিব নে নকৰে চৰকাৰে বিচাৰ কৰক'মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ‘ব্যক্তিগত সম্পত্তি’ নহয় বুলিও মন্তব্য কৰে গৰিমাই।