কাইলৈ পুনৰ BTCৰ মুখ্য কাৰ্যবাহী হিচাপে শপত ল'ব হাগ্ৰামা মহিলাৰীয়ে

কাইলৈ পুনৰ BTCৰ মুখ্য কাৰ্যবাহী হিচাপে শপত ল'ব হাগ্ৰামা মহিলাৰীয়ে। কাইলৈ চতুৰ্থ বাৰৰ বাবে নিৰ্বাচিত BTCৰ  চীফ হিচাপে শপত ল'ব BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। হাগ্ৰামা মহিলাৰী শপত গ্ৰহনক লৈ ব্যাপক উৎসাহী দেখা গৈছে BPFৰ সমৰ্থক সকলক, সজাই তোলা হৈছে কোকৰাঝাৰ চহৰ। ইপিনে, হাগ্ৰামা মহিলাৰীয়ে পুনৰ ক্ষমতা দখলৰ পাছতেই দেখুৱাইছে নিজৰ ৰং। BJPয়ে BPF আৰু UPPLক একেলগে লৈ চলিব বিচাৰিছিল যদিও সেই আশাত চেঁচা পানী ঢালিছে হাগ্ৰামা মহিলাৰীয়ে। BTCত বিগ ব্ৰাডাৰ হোৱাৰ BJPৰ  আশাত চেঁচা পানী পেলাইছে হাগ্ৰামাই। 
NDAত BPFক চামিলৰ বাবে হাগ্ৰামাই BJPক বান্ধি দিছে দুটা চৰ্তঃ
চৰ্ত ১- BJPয়ে NDAৰ পৰা প্ৰথমে বিদায় দিয়ক UPPLক ,UPPL OUT হ'লেহে BPF IN হ'ব NDAত
চৰ্ত ২- BPFয়ে নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতি সমূহ পুনৰত সহায় কৰিব লাগিব BPFক
এই দুটা চৰ্ত BJPয়ে মানি ল'লেহে NDAত চামিল হ'ব BPF, আলোচনা কৰিব BJPক EM দিয়ে নে নিদিয়ে। হাগ্ৰামা মহিলাৰীৰ এই চৰ্তৰ পাছতেই সুৰ সলাবলৈ বাধ্য হ'ল মুখ্যমন্ত্ৰী। পূৰ্বতে BPF আৰু UPPLক একেলগে লগত লৈ চলিব বিচৰা মুখ্যমন্ত্ৰীয়ে আজি ক'লে দুয়োটা দল একেলগে থাকিব নোৱাৰে, সময়ত আমি সিদ্ধান্ত ল'ব। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *