'ৰৈ ৰৈ বিনালে'ত ব্যৱহাৰ হ'ব জুবিন গাৰ্গৰ Original মাত!

'ৰৈ ৰৈ বিনালে'ত ব্যৱহাৰ হ'ব জুবিন গাৰ্গৰ Original মাত,'পৰিচালক ৰাজেশ ভূঞাই জনালে এই কথা'। দৃশ্য গ্ৰহণৰ সময়ত ব্যৱহাৰ কৰা 'লেপেল'ৰ মাতকেই ব্যৱহাৰৰ কৰা হ'ব চিনেমা খনত। উল্লেখযোগ্য যে, ৰৈ ৰৈ বিনালে আছিল জুবিন গাৰ্গৰ সপোনৰ প্ৰকল্প। চিনেমা খনৰ দৃশ্য গ্ৰহণ সমাপ্ত হৈছিল যদিও হোৱা নাছিল ডাবিং। জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ পাছত চিনেমা খনৰ ডাবিঙক লৈ সৃষ্টি হৈছিল সমস্যাৰ। অন্য কোনো লোকক জুবিনৰ স্থানত ডাবিং কৰিব দিয়াৰ চলিছিল চৰ্চা।
অৱশেষত জুবিনৰ প্ৰকৃত মাতকেই ব্যৱহাৰৰ সিদ্ধান্ত লয় পৰিচালক ৰাজেশ ভূঞাই। যি স্থানত জুবিনৰ মাত ব্যৱহাৰৰ অনুপযোগী সেই স্থানত AIৰ জৰিয়তে সম্পাদিত কৰা হ'ব জুবিন গাৰ্গৰ মাত।
ইপিনে, ৩১ অক্টোবৰত ছবিখন মুকলিৰ বাবে পৰিকল্পনা কৰা হৈছে যদিও দুই এদিন হয়তো পিছুৱাব পাৰে মুক্তিৰ দিন।সেই কথাও প্ৰকাশ কৰিলে পৰিচালক ৰাজেশ ভূঞাই।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *