হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত গঠন হ’ল বিটিচিৰ নতুন পৰিষদ। চতুৰ্থবাৰৰ বাবে মুখ্য কাৰ্যবাহী সদস্যৰূপে শপত ল’লে মহিলাৰীয়ে। দেওবাৰে কোকৰাঝাৰত সম্পন্ন হয় শপতগ্ৰহণ । আগন্তুক ৫ বছৰীয়া কাৰ্যকালৰ বাবে শপতগ্ৰহণ কৰে হাগ্ৰামা মহিলাৰীয়ে।
চতুৰ্থবাৰলৈ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত গঠন হয় বিপিএফ চৰকাৰ। আজি শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পাঁচ বছৰৰ পিছত শাসনৰ গাদীলৈ উভতি আহিছে হাগ্ৰামা।
২০২৫ বৰ্ষৰ বিটিচি নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰিছিল হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফে। প্ৰবল প্ৰত্যাহ্বান জনোৱাৰ পাচতো বিপিএফক ৰুধিবলৈ সক্ষম নহ'ল বিজেপি আৰু ইউপিপিএলে।
এইবাৰ বিপিএফে ২৮ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে পাঁচখন আৰু ইউপিপিএলে ৭ খন আসনতে সীমাবদ্ধ থাকে। ইফালে বিপিএফৰ জয়ৰ পাছতেই মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল যে হাগ্ৰামাৰ বিপিএফ ইতিমধ্যেই এনডিএত আছে। গতিকে বিটিআৰত ৪০ খন আসনেই এনডিএৰ দখলত। কিন্তু হাগ্ৰামাই এই দাবী অস্বীকাৰ কৰে।
এনডিএত চামিল হোৱাৰ বাবে বিজেপিক এক চৰ্ত বান্ধি দিয়ে হাগ্ৰামাই। সেই চৰ্ত অনুসৰি যদি ইউপিপিএলক বাদ দিয়া হয়, তেতিয়াহে এনডিএৰ অংশ হ’ব বিপিএফ।