নম্ৰতা বৰাৰ মৃত্যুৰ ঘটনাৰ সৈতেও জড়িত জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, নম্ৰতাৰ পিতৃৰ বিস্ফোৰক ভাষ্য

কেৱল জুবিন গাৰ্গৰে নহয়, নম্ৰতা বৰাৰ মৃত্যুৰ ঘটনাৰ সৈতেও জড়িত আছিল নেকি সিদ্ধাৰ্থ শৰ্মাৰ?জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ আন এক কু-কাণ্ড পোহৰলৈ আহিছে। সিদ্ধাৰ্থ শৰ্মাৰ নাম নম্ৰতা বৰাৰ মৃত্যু সময়ৰ ভূমিকাক লৈ নম্ৰতাৰ পিতৃয়ে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে।
নংপোত ৰহস্যজনক দুৰ্ঘটনাত মৃত্যু হৈছিল গোলাঘাটৰ কমাৰগাঁৱৰ ২৫ বছৰীয়া নম্ৰতা বৰাৰ । নম্ৰতাৰ পিতৃৰ অভিযোগ নম্ৰতাৰ মৃত্যুৰ ঘটনাৰে নাম সাঙোৰ খোৱা অভিযুক্তক ৰক্ষণাবেক্ষণ দিছিল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থই। তাৰোপৰি নংপো থানাত ঘটনাটো গাপ দিয়াৰ প্ৰয়াস কৰিছিল সিদ্ধাৰ্থ শৰ্মাই।
চলিত বৰ্ষত ৪ জুনত মেঘালয়ৰ নংপোত এক ৰহস্যজনক দুৰ্ঘটনাত মৃত্যু হৈছিল নম্ৰতা বৰাৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কনিষ্ঠ অধিবক্তা আছিল নম্ৰতা। উল্লেখ্য যে নম্ৰতাৰ বৰাৰ মৃত্যুৰ নাম সাঙোৰ খাইছিল মৃগাংক বৰুৱা আৰু আন্নায়াতুল ৱাদুদৰকে ধৰি দুগৰাকী যুৱতীৰ। নম্ৰতা বৰাৰ পিতৃৰ ভাষ্য অনুসৰি সিদ্ধাৰ্থ শৰ্মা আছিল নম্ৰতাৰ লগত ফুৰিবলৈ যোৱা মৃগাংকহঁতৰ বন্ধু।
নম্ৰতাৰ পিতৃৰ ভাষ্যৰ অনুসৰি নম্ৰতাৰ মৃত্যুৰ পিছত নংপোৰ পৰা মৃতদেহ আনিবলৈ এম্বুলেন্সৰো ব্যৱস্থা কৰি দিছিল সিদ্ধাৰ্থ শৰ্মাই। সেই সময় সিদ্ধাৰ্থ শর্মাই নিজৰ নাম কৈছিল যদিও নম্ৰতাৰ পিতৃয়ে সিদ্ধাৰ্থৰ প্ৰকৃত পৰিচয় জনা নাছিল। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত সংবাদ মাধ্যমত সিদ্ধাৰ্থৰ ফটো দেখা পোৱাত জুবিন গাৰ্গ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা বুলি জানিব পাৰে নম্ৰতাৰ পিতৃয়ে।
নম্ৰতাৰ পিতৃৰ অভিযোগ নংপো আৰক্ষীক মেনেজ কৰিছিল সিদ্ধাৰ্থ শৰ্মাই। আজিও  নম্ৰতাৰ কেচ ড্ৰায়েৰী জমা নিদিলে নংপো আৰক্ষীয়ে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *