শেখৰজ্যোতি, সিদ্ধাৰ্থৰ বিৰুদ্ধে এইবাৰ মুখ খুলিলে জুবিন গাৰ্গৰ বন্ধু পাৰ্থ প্ৰতিম গোস্বামীয়ে


‘‘সিদ্ধাৰ্থই কোনখন অনুষ্ঠানত কিমানত ধন পাইছিলো আমাক জানিব দিয়া নাছিল...’’ এইবাৰ মুখ খুলিলে জুবিন গাৰ্গৰ বন্ধু পাৰ্থ প্ৰতিম গোস্বামীয়ে। 
জুবিন গাৰ্গৰ বন্ধু পাৰ্থ প্ৰতিম গোস্বামীৰ তলব কৰে CIDএ।  CIDৰ কাৰ্যালয়ত আজি উপস্থিত হৈ  পাৰ্থ প্ৰতিম গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত দিলে  বিস্ফোৰক ভাষ্য। সৰৱ হৈ পৰিল শেখৰ আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে। 
পাৰ্থই ক'লে হত্যা কৰা জন যিমান দোষী, লগত থকাজনো সমানেই দোষী', লগতে ক'লে- 'শেখৰ সকলোৰে লগত ভাল, কিন্তু সি ভাল নহয়।  তাৰ পেটতো, মনটো বহুত পঁচা আছিল। সি কাকো এক গোট হৈ থাকিব নিদিয়ে-He was not a good person ।', ' ছিংগাপুৰৰ আইন বিশ্বৰ ভিতৰতে অন্যতম শক্তিশালী আইন।‘’- এইবোৰ মন্তব্য জুবিনৰ দীৰ্ঘ সময়ৰ ঘনিষ্ঠ বন্ধু তথা তেওঁৰ বেণ্ডৰ সদস্য পাৰ্থ প্ৰতীম গোস্বামীৰ। 
জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ সন্দৰ্ভত 'আমি সাধাৰণতে মেনেজমেণ্টত বিশেষকৈ পইছাৰ ক্ষেত্ৰত কেতিয়াও নোসোমাইছিলো। পিছলৈ নাজানো কিয় দুবছৰ এবছৰমানৰ পৰা কথাই প্ৰতি বিশেষকৈ হোটেলৰ ক্ষেত্ৰত পাৰ্থ দা অলপ ‘এডজাষ্ট’ কৰি দিব নেকি , এইবাৰ বাজেটটো অলপ কম বুলি ক’বলৈ আৰম্ভ কৰিছিল। '
পাৰ্থ প্ৰতীম গোস্বামীয়ে জুবিনৰ প্ৰসংগত কয়, 'জুবিনে জীৱনত পইছা কি তাক গুৰুত্বই দিয়া নাছিল। আগতে কমাৰ্চত বহি আমাক বহুত দিন তহঁতক খোৱাবলৈ লৈ যোৱা নাই বুলি কৈ লখৰাৰ পণ্ডিত ধাবালৈ খোৱাবলৈ লৈ যায়। তাত গৈ সি নিজেই ৰান্ধে। এখন স্পেছিয়েল পৰঠাও ৰান্ধি সকলোকে খোৱাইছিল। ভাল হ'লেও, বেয়া হ'লেও সবেই ভাল হৈছে বুলিয়েই ক’ব লাগিব। '
ছিংগাপুৰৰ ঘটনাৰ সন্দৰ্ভত পাৰ্থই কয়, ছিংগাপুৰৰ আইন ব্যৱস্থা বিশ্বৰ ভিতৰতে শক্তিশালী। তেওঁলোকে জানো এজন মাৰ্ডাৰ কৰা, বিহ খোৱাই দিয়া মানুহৰ ‘বডী’ আৰু যিজনে খোৱাইছে তেওঁক পঠিয়াই দিবনে? যদি তেনেকুৱা হয় ভাৰত চৰকাৰেও ছিংগাপুৰ চৰকাৰক প্ৰশ্ন নকৰিব নেকি বুলিও গোস্বামীয়ে প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয়, জুবিনক যদি সঁচাই বিহ খোৱাইছে তেন্তে প্ৰশ্ন উঠিব আৰু এয়া এক আন্তঃৰাষ্ট্ৰীয় অপৰাধ হ’ব। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *