জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰিবলৈ ছিংগাপুৰৰ পৰা আহিব প্ৰথমজন প্ৰবাসী অসমীয়া। মঙলবাৰে ছিংগাপুৰৰ পৰা অসমলৈ আহিব ৰূপকমল কলিতা। ১৯ ছেপ্তেম্বৰৰ দিনা জুবিনৰ সৈতে য়টখনত আছিল ৰূপকমল কলিতা। ইতিমধ্যে অসমলৈ আহিবলৈ অসমৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে ৰূপকমল কলিতাই। ৰূপকমল কলিতাৰ বাদে আনসকল প্ৰবাসী অসমীয়া আহিব খোজা নাই অসমলৈ। সোমবাৰে সংবাদমেলত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
অসমলৈ আহিলেই চাকৰি যোৱাৰ অজুহাত দেখুৱাইছে একাংশ প্ৰৱাসী অসমীয়াই। ছিংগাপুৰৰ সেই য়টখননত থকা প্ৰবাসী অসমীয়া আছিল সিদ্ধাৰ্থ বৰা, পৰীক্ষিত শৰ্মা, সুদ্বীপ চেটাৰ্জী, তন্ময় ফুকন, দেৱজ্যোতি হাজৰিকা, ৱাজিদ আহমেদ, অভিমন্যু তালুকদাৰ। জুবিনৰ মৃত্যুৰ দিনা য়ট খনত আছিল ছিংগাপুৰৰ মুঠ ১১ গৰাকী প্ৰবাসী অসমীয়া। তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰিবলৈ ৬ অক্টোবৰ শেষসীমা ধাৰ্য কৰি প্ৰবাসী অসমীয়া সকলকলৈ প্ৰেৰণ কৰা হৈছিল জাননী। ছিংগাপুৰৰ প্ৰবাসী অসমীয়া সকলে SIT ৰ তদন্ত প্ৰক্ৰিয়াত সহযোগ নকৰাক লৈ ৰাজ্যত সৃষ্টি হৈছে প্ৰক্ৰিয়া। জাননী লাভ কৰাৰ পাছতো তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰিবলৈ অসমত উপস্থিত হোৱা নাই ছিংগাপুৰৰ অসম এছোচিয়েচনৰ সভাপতি অভিমন্যু তালুকদাৰ।