অৱশেষত SITৰ জেৰাৰ সন্মুখীন হ'ল নৰ্থ ইষ্ট ফেষ্টিভেলৰ অন্যতম উদ্যোক্তা অনিতা ডেকা মহন্তক। সোমবাৰে স্বামী শ্যামকানু মহন্তক লকআপত লগ কৰিবলৈ আহি জেৰাৰ সন্মুখীন হ'ল পত্নী অনিতা ডেকা মহন্ত। ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত উপস্থিত আছিল শ্যামকানুৰ পত্নী অনিতা ডেকা মহন্ত। জুবিনৰ মৃত্যুৰ পাছত ছিংগাপুৰৰ জেনেৰেল হাস্পতালত উপস্থিত হৈছিল শ্যামকানুৰ পত্নী অনিতা ডেকা মহন্ত। ২০ ছেপ্টেম্বৰৰ দিনা জেনেৰেল হাস্পতালত জুবিনৰ মৰোনত্তৰ পৰীক্ষাৰ সময়ত উপস্থিত আছিল অনিতা ডেকা মহন্ত! স্বামী শ্যামকানুৰ গ্ৰেপ্তাৰৰ পাছতেই ছিংগাপুৰৰ পৰা সংগোপনে আহি অসমত উপস্থিত হৈছিল অনিতা ডেকা মহন্ত। অভিযোগ অনুসৰি,শ্যামকানুৰ পত্নীৰ নামে-বেনামে আছে বহু সম্পত্তি। ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰা Trends MMS ৰ অধ্যক্ষ আৰু সঞ্চালকৰ দায়িত্বত আছিল শ্যামকানু আৰু তেওঁৰ পত্নী অনিতা।