কাৰ পক্ষত গণতান্ত্ৰিক ৰায়দান দিব বিহাৰৰ ভোটাৰে ?

কাৰ পক্ষত গণতান্ত্ৰিক ৰায়দান দিব বিহাৰৰ ভোটাৰে ? বিহাৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰকাশ পালে MATRIZE-IANS ৰ অপিনিয়ন প’ল। বিহাৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে সলনি কৰি দিব পাৰে দেশৰ ৰাজনীতি। মুখ্যমন্ত্ৰী আসনক লৈ NDA ত সৃষ্টি হোৱা আভ্যন্তৰীণ সংঘাতৰ মাজতে প্ৰকাশ পালে MATRIZE-IANS ৰ অপিনিয়ন প’ল।
বিহাৰত পুনৰবাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'বনে বিজেপিৰ নেতৃত্বাধীন NDA ৰ শিবিৰে ? ৬ নৱেম্বৰৰ আৰু ১১ নৱেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব বিহাৰৰ বিধানসভা নিৰ্বাচন। ১৪ নৱেম্বৰত অনুষ্ঠিত হ'ব বিহাৰৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা। MATRIZE-IANS ৰ অপিনিয়ন প’ল অনুসৰি,পুনৰবাৰ NDA ৰ দখলতে থাকিব বিহাৰৰ শাসনভাৰ। বিজেপিৰ নেতৃত্বাধীন NDA মিত্ৰজোঁটে ১৫০-১৬০ খন আসন লাভ কৰাৰ পূৰ্বানূমান MATRIZE-IANS ৰ অপিনিয়ন প’লৰ। 
বিপৰীতে,RJD-কংগ্ৰেছৰ নেতৃত্বাধীন বিৰোধী শিবিৰ স্তিমিত থাকিব ৭০ খনৰ পৰা ৮৫ খন আসনত। ২৪৫ খন বিধানসভাৰ আসনৰ ভিতৰত বিজেপিৰ নেতৃত্বাধীন NDA য়ে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ ইংগিত MATRIZE-IANS ৰ অপিনিয়ন প’লৰ। MATRIZE-IANS ৰ অপিনিয়ন প’ল অনুসৰি, বিজেপি দলে অকলশৰে লাভ কৰিব ৮০ ৰ পৰা ৮৫ খন আসন।
NDA ৰ মিত্ৰদল তথা মুখ্যমন্ত্ৰী নীতিশৰ নেতৃত্বাধীন JDU য়ে লাভ কৰিব পাৰে ৬০ ৰ পৰা ৬৫ খন আসন। বিৰোধী দল হিচাপে তেজস্বী যাদৱৰ RJD দলে ৬০-৬৫ খন আসন লাভ কৰাৰ ইংগিত দিলে MATRIZE-IANS ৰ অপিনিয়ন প’লে। 
লক্ষণীয়ভাবে,বিহাৰত ৰাহুল গান্ধীৰ পদযাত্ৰাৰ পাছতো ৭ ৰ পৰা ১০ খন আসনহে লাভ কৰাৰ সম্ভাৱনা আছে কংগ্ৰেছে। 
উল্লেখযোগ্য যে, ১৮ ছেপ্টেম্বৰৰ পৰা ৫ অক্টোবৰৰ ভিতৰত বিহাৰৰ ৪৬,৮৬২ গৰাকী ভোটাৰৰ মাজত জৰীপ চলাইছিল MATRIZE-IANS ৰ অপিনিয়ন প’লে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *