শ্যামকানু মহন্ত ওলাই আহি পুনৰ চৰকাৰৰ পৰা অনুদান লৈ ফেষ্টিভেলৰ বেপাৰ কৰাটো বিচাৰিছে মুখ্যমন্ত্ৰীয়ে! মঙলবাৰে সংবাদমেল অনুষ্ঠিত কৰি জুবিনৰ ন্যায়ৰ সন্দৰ্ভত এই চাঞ্চল্যকৰ দাবী কৰিলে গৌৰৱ গগৈয়ে। শ্যামকানু মহন্তৰ পৰিয়ালৰ সৈতে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সম্পৰ্ক আছে বুলি সমগ্ৰ অসমবাসীয়ে জানে বুলি দাবী কৰিলে গৌৰৱ গগৈয়ে। প্ৰয়াত জুবিন গাৰ্গে ন্যায় পোৱাতকৈ মুখ্যমন্ত্ৰীয়ে 'Mission Save Shayamkanu' আৰম্ভ কৰিছে বুলি চাঞ্চল্যকৰ দাবী কৰিলে গৌৰৱ গগৈয়ে। "আজিৰ তাৰিখত যিখিনি কথা কৈছে সেইখিনি কথা মুখ্যমন্ত্ৰীৰ চকীত বহি থকা ব্যক্তি এজনৰ মুখত শোভা নাপায়"। "জুবিনৰ মৃত্যুৰ ঘটনাত অভিযুক্ত শ্যামকানু মহন্ত সুৰক্ষা দিবলৈ যাওঁতে মুখ্যমন্ত্ৰীয়ে শিল্পী সমাজ,দল-সংগঠনৰ মনত কষ্ট দিছে"। সংবাদমেলত এইদৰেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে।
অহা বছৰ বিহুৰ মঞ্চত যেতিয়া জুবিন গাৰ্গ নাথাকিব অসমৰ ৰাইজে মনত কষ্ট পাব বুলি মন্তব্য গৌৰৱ গগৈৰ। বেলেগ কাৰোবাৰ চৰিত্ৰ হনন কৰাতকৈ জুবিনৰ ৰহস্যজনক মৃত্যুৰ তদন্তহে আগবঢ়াই নিব লাগে! BTC ৰ নিৰ্বাচনৰ পাছত মুখ্যমন্ত্ৰীৰ চকীক লৈ হিমন্ত বিশ্ব শৰ্মাই ভয় কৰিছে বুলি কটাক্ষ কৰে গৌৰৱ গগৈয়ে। জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত বিজেপি দলৰ কৰ্মীয়েই নিজ দলক নেতাক ৰাজনীতি নকৰিবলৈ বাধা দিছে! বিজেপি কৰ্মীক ধন্যবাদ জনাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হ'ল কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ।