'কথাবোৰ বেলেগ বেলেগ এংগেলত টানি থাকিলেও নহ'ব,সঁচা ঘটনাটো আমাক লাগে'

'কথাবোৰ বেলেগ বেলেগ এংগেলত টানি থাকিলেও নহ'ব,যি সত্য সেইটো কওক, সঁচা ঘটনাটো আমাক লাগে'
-জুবিনৰ ভগ্নী পালমীৰ আহ্বান
"এয়া আবেগিক সময়, কিবা এটা ক'বলৈ বিচাৰিছো ৰাইজক'ৰাইজৰ সহযোগ লাগিব আমাক"
"সেইবাবেই সহজকৈ সামাজিক মাধ্যমত মনৰ কথা খিনি কৈছোঁ"
"ৰাইজৰ মনোবলেই আমাৰ সহায় হ'ব,ৰাইজ যাতে ভাগি নপৰে, আমি যাতে ভাগি নপৰো"
"দাদাৰ লগত কি হ'ল, সঁচা ঘটনাটো আমাক লাগে"
"ছিংগাপুৰত থকা প্ৰবাসী অসমীয়া সকল আহক, কথাখিনি কওক, আমি জানিব লাগে"
"কোনো ক'তো লুকাই থাকিলে নহ'ব"
"কথাবোৰ বেলেগ বেলেগ এংগেলত টানি থাকিলেও নহ'ব, যি সত্য সেইটো কওক"
"তদন্ত প্ৰক্ৰিয়া অকণমান খৰতকিয়া হওঁক, তেতিয়া আমিও সোনকালে ন্যায় পাম"
"সকলোৱে জুবিন গাৰ্গে ন্যায় পোৱাক লৈ ফ'কাছ কৰক"
"পৰিয়াল, দাদৰ লগত কাম কৰা দল সকলোৱে মিলি দাদাৰ আধৰুৱা কাম আৰু সপোনবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰি আছোঁ"

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *