AI প্ৰস্তুত ভিডিঅ' পোষ্ট কৰি ন্যায়ালয়ৰ ৰোষত অসম বিজেপি

ছ'চিয়েল মিডিয়াত AI ভিডিঅ'ৰ সহায়ত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অপচেষ্টা অসম বিজেপিৰ। ছ'চিয়েল মিডিয়াত কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা প্ৰস্তুত কৰা বিতৰ্কিত ভিডিঅ' পোষ্ট কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত অসম বিজেপি। এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি ছ'চিয়েল মিডিয়াত AI দ্বাৰা প্ৰস্তুত কৰা ভিডিঅ' পোষ্ট কৰিছিল ৰাজ্যিক বিজেপিয়ে। 
১৫ ছেপ্টেম্বৰত ৰাজ্যিক বিজেপিৰ ফালৰ পৰা ছ'চিয়েল মিডিয়াত পোষ্ট ভিডিঅ'ৰ সন্দৰ্ভত জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। 'পুনৰবাৰ বিজেপি শাসনলৈ নাহিলে অসমখন মুছলমানে গ্ৰাস কৰিব' বুলি দেখুওৱা হৈছিল বিতৰ্কিত ভিডিঅ'টোত। বিজেপিয়ে পোষ্ট কৰা বিতৰ্কিত ভিডিঅ'ৰ সন্দৰ্ভত অসম চৰকাৰ, ৰাজ্যিক বিজেপি আৰু X কৰ্তৃপক্ষলৈ জাননী প্ৰেৰণ উচ্চতম ন্যায়ালয়ৰ। 
X প্লেটফৰ্মৰ পৰা সাম্প্ৰদায়িক ভিডিঅ' আঁতৰাবলৈ উচ্চতম ন্যায়ালয়ত গোচৰ দিছিল অধিবক্তা নিজাম পাশাই। অধিবক্তা গৰাকীৰ গোচৰৰ ভিত্তিত বিতৰ্কিত ভিডিঅ'ৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে জাননী জাৰি কৰে অসম চৰকাৰ, ৰাজ্যিক বিজেপি আৰু X কৰ্তৃপক্ষলৈ। ২৭ অক্টোবৰত গোচৰটো পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *