দুৰ্গা পূজাৰ উপলক্ষে বিজেপিৰ বিধায়ক ৰামকৃষ্ণ ঘোষে দলীয় কৰ্মী দিলে মুখ্যমন্ত্ৰী সাৰ্হায্য পুঁজিৰ ধন!

দুৰ্গা পূজাৰ উপলক্ষে বিজেপিৰ বিধায়ক ৰামকৃষ্ণ ঘোষে দলীয় কৰ্মী দিলে মুখ্যমন্ত্ৰী সাৰ্হায্য পুঁজিৰ ধন। হোজাইৰ বিজেপিৰ বিধায়কে মুখ্যমন্ত্ৰী সাৰ্হায্য পুঁজিৰ ধন দলীয় কৰ্মীৰ মাজত বিতৰণ কৰাক লৈ সৃষ্টি হৈছে বিতৰ্ক। হোজাই বিধানসভা সমষ্টিৰ ৩৮৮ গৰাকী বিজেপি কৰ্মীক প্ৰদান কৰিলে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ ৩৮.৮০ লাখ টকা। বিজেপিৰ প্ৰতিগৰাকী কৰ্মীৰ বিপৰীতে ১০ হেজাৰ টকাৰ চেক প্ৰদান কৰাৰ অভিযোগ বিধায়ক ৰামকৃষ্ণ ঘোষৰ বিৰুদ্ধে। বিধায়ক ৰামকৃষ্ণ ঘোষে দিয়া মুখ্যমন্ত্ৰী সাৰ্হায্য পুঁজিৰ ধনেৰে দুৰ্গা পূজা ধুম ধামেৰে পাতিলে বিজেপি কৰ্মীয়ে। 
হোজাইৰ সমষ্টিৰ বিজেপিৰ বুথ সভাপতি, মণ্ডল সভাপতিয়েও লাভ কৰিছিল মুখ্যমন্ত্ৰী সাৰ্হায্য পুঁজিৰ ধন। বিষয়টোক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছতেই বিজেপিৰ একাংশ কৰ্মীয়ে জিলা উপায়ুক্তক ঘূৰাই দিলে ধন। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ধন হৰলুকিৰ অভিযোগ উঠিছিল লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰ ঘনিষ্ঠৰ বিৰুদ্ধেও। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *