উপাচাৰ্য পদৰ পৰা ননীগোপাল মহন্তৰ পদত্যাগৰ দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্তৰ পদত্যাগৰ দাবী। উপাচাৰ্য পদৰ পৰা ননীগোপাল মহন্তৰ পদত্যাগৰ দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত থাকি দুৰ্নীতি আৰু স্বজন-তোষণৰ আশ্ৰয় লোৱাৰ অভিযোগ উঠিছিল ননীৰ বিৰুদ্ধে। ভায়েক শ্যামকানু মহন্তৰ ফাৰ্মক গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য গৰাকীয়ে ঠিকাৰ কাম প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছিল। উপাচাৰ্য ননীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত বিচাৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য পদৰ পৰা ননীক পদত্যাগ কৰিবলৈ দাবী সংগঠনটোৰ। উত্থাপিত অভিযোগ নস্যাৎ কৰিব পৰা তথ্য প্ৰমাণ ৰাইজক এতিয়াও দিব পৰা নাই উপাচাৰ্য ননী গোপাল মহন্তই। AJYCP ৰ সভাপতি পলাশ চাংমাইৰ নেতৃত্বত গুৱাহাটী বিশ্ববিদ্যালয়ত উপস্থিত হৈছিল AJYCPৰ প্ৰতিনিধি দল।  উপাচাৰ্য ননীগোপাল মহন্তক সাক্ষাৎ কৰি পদত্যাগৰ দাবীপত্ৰ প্ৰদান কৰে AJYCP ৰ নেতৃত্বই। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *