জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ সন্দৰ্ভত সুস্মিতা গোস্বামীলৈ চমন জাৰি SIT ৰ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ সন্দৰ্ভত সুস্মিতা গোস্বামীলৈ চমন জাৰি SITৰ । ১৯ ছেপ্টেম্বৰত য়ট পার্টীত অমৃতপ্রভা মহন্তৰ সৈতে আছিল সুস্মিতা গোস্বামী নামৰ যুৱতীগৰাকী।ছিংগাপুৰত অধ্যয়নৰত সুস্মিতা গোস্বামী শ্যামকানু মহন্তৰ আত্মীয় বুলিও চৰ্চা চলিছে। জুবিন গাৰ্গৰ মৃত্যুৰ পাছত ৰহস্যজনকভাবে ছ'চিয়েল মিডিয়াত নিজৰ একাউণ্ট ডি-এক্টিভ কৰিছিল সুস্মিতা গোস্বামীয়ে।জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছতো নীৰৱ হৈ আছে। ছিংগাপুৰত অধ্যয়নৰত গুৱাহাটীৰ জীয়ৰী সুস্মিতা গোস্বামী। ছিংগাপুৰৰ য়ট পাৰ্টিত অমৃত প্ৰভাৰ কাষতে বহিছিল সুস্মিতা গোস্বামী ।
অমৃতপ্ৰভা আৰু সুস্মিতাৰ ম’বাইলতে ৰেকর্ডিং হৈছিল জুবিন গাৰ্গৰ শেষ সময়ৰ ভিডিঅ’।তদন্তকাৰী বিষয়াৰ ওচৰত সুস্মিতা গোস্বামীৰ নাম লৈছিল ছিংগাপুৰৰ প্ৰবাসী অসমীয়া ৰূপকমল কলিতাই। য়ট পাৰ্টিৰ সময়ত জুবিন গাৰ্গৰ বহু ভিডিঅ' বন্দী হৈছিল ছিংগাপুৰত অধ্যয়ন কৰিবলৈ যোৱা সুস্মিতা গোস্বামীৰ মোবাইলত। অৱশেষত SITয়ে চমন জাৰি কৰিলে ছিংগাপুৰত অধ্যয়নৰত সুস্মিতা গোস্বামীলৈ। ছিংগাপুৰত অধ্যয়ন সুস্মিতা গোস্বামীৰ প্ৰকৃত ঘৰ নলবাৰীত যদিও তেওঁৰ পিতৃ মাতৃ থাকে গুৱাহাটীৰ ৰাজগড়ত। CID কাৰ্যালয়ত হাজিৰ হ’বলৈ SIT-এ জাৰি চমন জাৰি কৰিছে সুস্মিতা গোস্বামীক। ১৯ ছেপ্টেম্বৰৰ ঘটনাৰ দিনা য়ট পাৰ্টিৰ ভিডিঅ' মাতৃৰ মোবাইললৈ প্ৰেৰণ কৰিছিল সুস্মিতা গোস্বামীয়ে। সম্ভৱতঃ সুস্মিতা গোস্বামীৰ মাতৃৰ মোবাইলত এতিয়াও আছে নিজ জীয়ৰীয়ে প্ৰেৰণ কৰা ভিডিঅ' সমূহ । সেয়েহে পৰৱৰ্তী পৰ্যায়ত SIT ৰ তদন্তৰ আওতালৈ আহিব পাৰে সুস্মিতা গোস্বামীৰ মাতৃ। যদি য়ট পাৰ্টিৰ ভিডিঅ' সমূহ মোবাইলৰ পৰা ডিলিট কৰিছে তেন্তে তথ্য প্ৰমাণ নষ্ট কৰাৰ অপৰাধত অভিযুক্ত হ'ব পাৰে সুস্মিতা গোস্বামী আৰু তেওঁৰ মাতৃ। তদন্তৰ খাতিৰত ছিংগাপুৰৰ পৰা অসমলৈ নাহিলে চৰকাৰৰ পাছপোৰ্ট ৰদ কৰিব পাৰে সুস্মিতা গোস্বামীৰ।অমৃত প্ৰভাৰ মোবাইলত বন্দী হোৱা ভিডিঅ'ত দেখা গৈছিল সুস্মিতা গোস্বামীক। ইতিমধ্যে SIT য়ে সোধা-পোছা কৰিছে ১৮ জন লোকক।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *