SITৰ ম্যাদ উকলি যোৱাৰ পাছতে কি হ'ব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ ঠিকনা?

ক’ত ৰখা হ’ব জুবিন গাৰ্গৰ মৃত্যুৰ অভিযুক্ত? জানিব পৰা অনুসৰি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আৰম্ভ হৈছে যুদ্ধকালীন তৎপৰতা।  ব্যস্ত হৈ পৰিছে কাৰাগাৰ কৰ্তৃপক্ষ, বৃদ্ধি কৰা হৈছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ নিৰাপত্তাৰক্ষী।
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰিপেক্ষিতত বৰ্তমানলৈকে  ৭ গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে CIDয়ে।  উল্লেখ্য যে ১ অক্টোবৰত গ্ৰেপ্তাৰ হৈছে শ্যামকানু আৰু সিদ্ধাৰ্থ। দুয়োকে ১৪দিনৰ জিম্মাত লৈছিল SITএ। ১৪ অক্টোবৰত SITৰ জিম্মাৰ ম্যাদ উকলি যোৱাৰ পাছতে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ আলহী হ’ব শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা।
গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ চৌহদত আছুতীয়াকৈ দুটা কোঠা সাজু কৰা হৈছে বুলি জানিব পৰা গৈছে। কোঠা দুটাৰ সৈতে সংলগ্ন হৈ আছে শৌচাগাৰ-স্নানাগাৰ। কোঠা দুটাৰ প্ৰতিটো কোণ ঢুকি পোৱাকৈ সংস্থাপন কৰা হৈছে অত্যাধুনিক CCTV। নতুনকৈ সংস্থাপন কৰা CCTVএ বন্দী কৰিব কোঠা দুটাৰ দৃশ্যৰ লগতে শব্দ। 
আনফালে জুবিন গাৰ্গৰ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হ'ল বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী , অমৃতপ্ৰভা। 
৮ অক্টোবৰত গ্ৰেপ্তাৰ হোৱা সন্দীপন গাৰ্গৰ ৭ দিনৰ SIT জিম্মাত লৈছিল আৰু ১৪ অক্টোবৰত সন্দীপন গাৰ্গে যাত্ৰা কৰিব লাগিব জে’ললৈ।
আজি গ্ৰেপ্তাৰ হোৱা নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক ৫দিনৰ বাবে SITএ নিজৰ জিম্মাত লৈছিল। ১৪ অক্টোবৰতে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যই যাত্ৰা কৰিব লাগিব জে’ললৈ।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *