জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্তৰ খাটিৰত এছআইটিয়ে ইতিমধ্যে ৭জনক গ্ৰেপ্তাৰ কৰিছে। সোধা-পোছা কৰিছে ইজনৰ পিছত সিজনক। জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ন্যায় প্ৰক্ৰিয়া যাতে খৰটকীয়া আৰু স্বচ্ছ হয় তাৰ বাবে বাৰম্বাৰ আহ্বান জনাইছে। ন্যায়ৰ দাবী কৰিছে সাধাৰণ জনতাইও।
ন্যায়ৰ দাবী কৰি আহিছে শিল্পী সমাজে। কবি প্ৰণৱ কুমাৰ বৰ্মনেও মাত মাতি আহিছে জুবিনৰ মৃত্যুৰ ন্যায়ৰ দাবীত। সামাজিক মাধ্যমত কবি প্ৰণৱ কুমাৰ বৰ্মনে গৰিমা শইকীয়া গাৰ্গক উদ্দেশ্যি লিখিছে, এতিয়া সমাধি নহয়, জুবিনদাৰ মৃত্যুৰ প্ৰকৃত ন্যায় বিচাৰি ৰাজপথলৈ আহক, অন্যথা সমাধিতে আমৰণ অনশন আৰম্ভ কৰক। সকলোৰে এতিয়া এটাই দাবী - আমাক জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগে।