কি আছে জুবিনৰ ভিছেৰা ৰিৰ্পটত...

অসম আৰক্ষীৰ হাতত পৰিলে জুবিন গাৰ্গৰ ভিচেৰা ৰিপ'ৰ্ট
কি আছে  জুবিন গাৰ্গৰ ভিছেৰা ৰিৰ্পটত?
 ন্যায় বিচৰা সকল ৰৈ আছে জুবিনৰ চুড়ান্ত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনলৈ। মৰণোত্তৰ পৰীক্ষাৰ চূড়ান্ত প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ বিশেষজ্ঞ সকলে সেই ৰিৰ্পটো অধ্যয়ন কৰিব। ইতিমধ্যে জুবিনক বিহ দি হত্যা কৰা বুলি কোনো লোকে দিয়া ভাষ্যক লৈ তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
তদন্তৰ বহুবোৰ কথা  সাধাৰণ লোকে জনাৰ দৰকাৰ। 
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ সংবাদমেল। 
মুন্নাপ্ৰসাদ গুপ্তাই কয়, 'ছিংগাপুৰলৈ গৈ SITয়ে তদন্ত কৰিব নোৱাৰিব। প্ৰয়োজনত ছিংগাপুৰ আৰক্ষীৰ দ্বাৰাহে তদন্ত কৰিব পৰা যাব। বিদেশ ৰাষ্ট্ৰলৈ গৈ অসম আৰক্ষীয়ে তদন্ত কৰিব নোৱাৰে।'
আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়, 'MLATৰ অধীনত ছিংগাপুৰলৈ ভাৰত চৰকাৰে পত্ৰ প্ৰেৰণ কৰিছে। ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ জৰিয়তে ছিংগাপুৰৰ এটৰ্ণি জেনেৰেললৈ পত্ৰ প্ৰেৰণ কৰা হৈছে।'
ইপিনে, ছিংগাপুৰৰ প্ৰবাসী অসমীয়াকেইজনক লৈও মন্তব্য কৰে মুন্নাপ্ৰসাদ গুপ্তাই। গুপ্তাই কয়, 'ছিংগাপুৰৰ প্ৰবাসী অসমীয়াকেইজনে ভিডিঅ’ কনফাৰেঞ্চযোগে সহযোগিতা আগবঢ়ালে নহ’ব। অসমলৈ তদন্তৰ খাতিৰত আহিবই লাগিব প্ৰতিজন প্ৰবাসী অসমীয়া।' উল্লেখযোগ্য যে ১১জন প্ৰবাসী অসমীয়াৰ নাম আহি পৰিছে অসম আৰক্ষীৰ হাতত। এজন প্ৰবাসী অসমীয়া ইতিমধ্যে উপস্থিত হৈছে।
জুবিন গাৰ্গৰ ভিছেৰা ৰিপৰ্ট সন্দৰ্ভত আৰক্ষী বিষয়াগৰাকীয়ে কয়, 'ভিছেৰা ৰিপ’ৰ্ট GMCHলৈ প্ৰেৰণ কৰা হ’ব। GMCHৰ বিশেষজ্ঞ কমিটিয়ে প্ৰস্তুত কৰিব চূড়ান্ত ৰিপ’ৰ্ট। চূড়ান্ত ৰিপ’ৰ্টৰ এটা প্ৰতিলিপি পৰিয়ালক প্ৰদান কৰা হ’ব আৰু আদালতত দাখিল কৰা হ’ব।'

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *