আজি বিয়া, গাঁৱৰ ৰাইজ নাহিল বিয়ালৈ...


কৈৱৰ্ত সম্প্ৰদায়ৰ যুৱকলৈ ছোৱালী বিয়া দিয়া বাবেই গাঁৱৰ ৰাইজ নাহিল বিয়ালৈ।  যোৰহাটৰ ৰান্ধনী জান মালৌ পথাৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা।
বিজ্ঞান প্ৰযুক্তিৰ আজিৰ যুগতো আমাৰ সমাজত চলি আছে জাতি ধৰ্ম, উচ্চ নীচ আদি ভেদা ভেদ। গাওঁ খনৰ অনিল কলিতা আৰু বিনা কালিতাৰ কন্যা সুনিত কলিতাৰ আজি বিয়া। কালিও আছিল বিয়াৰ নিয়ম। কিন্তু কৈৱৰ্ত সাম্প্ৰদায়ৰ যুৱকলৈ যুৱতী গৰাকী বিয়া দিয়াৰ বাবেই নাহিল গাঁৱৰ ৰাইজ। 
আলহী আপ্যায়কে ধৰি সকলো আয়োজন কৰি মহা বিপদত পৰিল এইঘৰ লোক।
ইতিমধ্যে মানুহঘৰে দিব লগা হল উধাৰণী ভোজ ভাত, দুবাৰকৈ কৰিলে পৰাচিত্ত। তাৰ পাছতো এনে কৰিলে গাঁৱৰ ৰাইজে।  নাহিল বিয়ালৈ। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *