বিশ্ব কল্যাণ‌ আৰু অসমৰ শান্তিৰ বাবে যোৰহাটত অনুষ্ঠিত কৰা হয় অখণ্ড ভাগৱত পাঠ....

৫৭৭ তম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱৰ লগত সংগতি ৰাখি‌  যোৰহাট জিলাৰ বালি গাঁৱৰ ৰাজতীয়াৰ সমূহ ৰাইজে বিশ্ব কল্যাণ আৰু  অসমৰ শান্তিৰ উদ্দেশ্যেৰে সাত দিন সাত ৰাতি অখণ্ড ভাগৱত পাঠৰ আয়োজন কৰে।
বালি গাঁৱৰ ৰাজতীয়াৰ বুঢ়া নামঘৰত অনুষ্ঠিত এই পবিত্ৰ অনুষ্ঠানত গাঁওবাসীহে নহয়, সমীপৱৰ্তী অঞ্চলৰ বহু ধৰ্মপ্ৰাণ ভক্তলোকেও অংশগ্ৰহণ কৰে। নাম-প্ৰসঙ্গ, কীৰ্ত্তন আৰু সাত দিন সাত ৰাতি ভাগৱত পাঠৰ মাধ্যৰে অঞ্চলটোত ধৰ্মীয় ভাৱনা আৰু মিলনৰ এক পবিত্ৰ পৰিৱেশ সৃষ্টি হয়।
ভাগৱত পাঠৰ অন্তত অনুষ্ঠিত হয় মহাপুৰুষীয়া নাট “ভাতৃ বধুৰ” ভাওনা, য’ত স্থানীয় শিল্পীৰে পৰিৱেশন সমগ্ৰ অনুষ্ঠানক অধিক আকৰ্ষণীয় কৰি তুলে।
এই শুভ ক্ষণত সকলো ৰাইজ একত্ৰিত হৈ বিশ্ব শান্তি, সমাজৰ ঐক্য আৰু মানৱ কল্যাণৰ কামনাৰে অনুষ্ঠিত কৰা এই পবিত্ৰ অনুস্থান ভাগি। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *