যোৰহাটৰ থানাৰ লক-আপৰ ভিতৰতে কেনেকৈ মৃত্যু হ’ল অভিযুক্ত প্ৰীতমৰ?

যোৰহাটত আৰক্ষীৰ জিম্মাত আচামীৰ ৰহস্যজনক মৃত্যু, যোৰহাট ভোগদৈ আৰক্ষী চকীত সংঘটিত ঘটনাকলৈ চাঞ্চল্য। 
চুৰি সংক্ৰান্তীয় অভিযোগত নিশা   প্রায় ১১ বাজি ৪৫ মিনিট ত যোৰহাট চেঙেলী গাঁৱৰ  নিজ ঘৰৰ পৰা ২১ বছৰীয়া প্ৰীতম দত্তক আটক কৰি নিছিল ভোগদৈ আৰক্ষী চকী ৰ বৰ্ণালী গোহাঁই ৰ নেতৃত্বত যোৱা আৰক্ষীয়ে। 
কিন্তু ৰাহস্যজনক ভাৱে দেওবাৰে দুপৰীয়া  প্ৰায় ১০ বাজি ৩৫ মিনিটত ভোগদৈ আৰক্ষী চকীৰ পৰা পৰিয়ালৰ লোকক যোৰহাট চিভিল হাস্পিতাললৈ মাতি পঠাই। 
কিন্তু নিশা কি ঘটিছিল প্ৰীতম দত্তৰ সৈতে ভোগদৈ আৰক্ষী চকীত? সেইয়া এতিয়াও ৰহস্য হৈ ৰল।  প্ৰীতম দত্তই সচাকৈয়ে এই ঘটনা কৰিলে নে,?  মানি লব পৰা নাই পৰিয়ালে,  ইতিমধ্যে পিতৃয়ে আৰক্ষী নচকীতে পুত্ৰৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে যোৰহাট সদৰ আৰক্ষী থানাত । 
আনহাতে সময়তকৈ বহু পলমকৈ পৰিয়ালক খবৰ দিয়াৰো গুৰুতৰ অভিযোগ উঠিছে । 
যোৰহাট সদৰ আৰক্ষী থানাত সংঘটিত চাঞ্চল্যকৰ ঘটনাৰ পিছতেই সৃষ্টি হৈছে চাঞ্চল্য। 
যুৱকজনে লক-আপৰ শৌচাগাৰতে চৰম পন্থা গ্ৰহণ কৰিছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *