অৱশেষত SIT য়ে ছীল কৰিলে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থৰ বটলিং কোম্পানী

অৱশেষত SIT য়ে ছীল কৰিলে দগাবাজ সিদ্ধাৰ্থ শৰ্মাৰ বটলিং কোম্পানী মহাবীৰ একুৱা। সোমবাৰে ৫ঘণ্টা অভিযানৰ অন্তত SIT য়ে ছীল কৰিলে সিদ্ধাৰ্থৰ কোটি টকীয়া সম্পত্তি। জুবিন গাৰ্গে ন অৰ্জা ধনেৰে নিজৰ হাবিয়াসেই পূৰণ কৰিছিল ধুৰন্ধৰ সিদ্ধাৰ্থ শৰ্মাই।  ছয়গাঁওৰ ছাটাবাৰীৰ ৪ ঘন্টা ধৰি অভিযান চলাই মহাবীৰ একুৱা ফেক্টৰীটো তন্ন তন্নকৈ পৰীক্ষা কৰিছিল SIT ৰ দলটোলে। অভিযানৰ পাছতেই SIT ৰ দলটোৱে ছীল কৰে সিদ্ধাৰ্থৰ বটলিং কোম্পানী 'মহাবীৰ একুৱা'। জুবিন গাৰ্গৰ মেনেজাৰ হোৱাৰ সুযোগতে কোটি টকা মালিক হৈ পৰিছিল সিদ্ধাৰ্থ শৰ্মা। 
খাৰঘুলিত ২০ কোটি টকাৰ ঘৰ মাটি ৫ কোটি টকাত পাইয়ো কিনিব পৰা নাছিল জুবিন গাৰ্গে। কিন্তু ৩ কোটি টকীয়া বটলিং কোম্পানীৰ মালিক কেনেকৈ হৈছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা ? সিদ্ধাৰ্থ শৰ্মা চাৰিটা ব্যৱসায়ৰ লগত জড়িতৰ স্পষ্ট প্ৰমাণ লাভ কৰিছিল সংবাদ মাধ্যমে। গুৱাহাটীৰ হোটেল ৰয়েল হেৰিটেজ চলাই আছিল সিদ্ধাৰ্থ শৰ্মাই।
সিদ্ধাৰ্থ শৰ্মাই হোটেল চলোৱা কোম্পানীৰ নাম SS VENTURES । ৰ’য়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ ওচৰৰ হোটেলখনৰ নিৰ্মাণ ব্যয় প্ৰায় ৩০ কোটি টকা। 
মাহেকত ৪০ হাজাৰ টকা দৰমহা লাভ কৰা সিদ্ধাৰ্থ হাতলৈ কেনেকৈ আহিছিল কোটি কোটি টকা ? জুবিন গাৰ্গৰ ধনেৰে সিদ্ধাৰ্থই খুলিছিল নেকি ৩ কোটি টকীয়া বটলিং প্লাণ্ট আৰু ৩০ কোটি টকীয়া হোটেল?

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *