পুনৰবাৰ Expose হ'ল বিজেপিৰ মিথ্যাচাৰ! বিহাৰৰ নিৰ্বাচনৰ পূৰ্বে ষট পূজাক কেন্দ্ৰ কৰি লেতেৰা ৰাজনীতি বিজেপিৰ। বিহাৰী সম্প্ৰদায়ৰ ভোটাৰক আকৃষ্ট কৰিবলৈ ষট পূজা উপলক্ষে দিল্লীৰ যমুনা নদীত স্নান কৰাৰ কথা আছিল প্ৰধানমন্ত্ৰীয়ে। যমুনা নদীৰ পানী প্ৰদূষিত হোৱাৰ বাবে দিল্লী চৰকাৰে প্ৰধানমন্ত্ৰীৰ বাবে বাসুদেৱ ঘাটত এইদৰেই নিৰ্মাণ কৰিছিল এটা কৃত্ৰিম ঘাট। যিটো ঘাটক দিল্লীৰ যমুনা নদীৰ পাৰত থকা বাসুদেৱ ঘাট বুলি একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰ চলোৱা হৈছিল। কৃত্ৰিমভাবে নিৰ্মিত ঘাটটো সাধাৰণ লোকে যাতে নেদেখে তাৰ বাবে ঢাকি দিয়া হৈছিল। আম আদমী পাৰ্টিৰ নেতা সৌৰভ ভৰদ্বাজ যথাস্থানত উপস্থিত হৈ মিথ্যাচাৰ উদঙাই দিলে দিল্লীৰ বিজেপি চৰকাৰৰ। উল্লেখযোগ্য যে,আম আদমী পাৰ্টিৰ নেতাই ভিডিঅ' যোগে সমগ্ৰ তথ্য পোহৰলৈ অনাত যমুনা নদীৰ পাৰত নিৰ্মিত কৃত্ৰিম ঘাটত স্নান কৰা কাৰ্যসূচী বাতিল কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
